পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৩৫
 

অৱস্থা ভালকৈ একো নাজানিছিল। তেওঁবিলাকৰ বয়সো অতি কোমল, বিদেশৰ কষ্টনো কোনৰূপে সহ্য কৰিব! এই- সকল ভাবি তেওঁবিলাকৰ মাতৃসকলৰ অনিচ্ছা। আনন্দৰাম ফুকনে এই অনিচ্ছাত বৰ অসুখী আৰু বিৰক্ত হৈছিল। অনেক সময় আহাৰ পৰ্য্যন্ত পৰিত্যাগ কৰিছিল। ইফালে সেই চাহাব দুজনাই তেওঁবিলাকৰ মোক্তাৰৰ আগত নিশ্চয় যাব লাগে ও একপ্ৰকাৰে দণ্ডি কৰাৰ দৰে মাতৃসকললৈ কৈ পঠালে। তেওঁবিলাকে কি কৰে, অগত্যা পুত্ৰক কলিকতালৈ প্ৰেৰণ কৰিবৰ নিমিত্ত সন্মত হল। সেইসময়ত মেথী চাহাব আৰু জেন্কিনচ্ চাহাবে নিজা নৌকাৰে কলিকতাৰপৰা বস্তু অনাইছিল। এতিয়াৰ দৰে সুবিধা নাছিল। মেথী (Mathei) চাহাবৰ বস্তু অনা ছশ মোনী নাও এখান চাহাবে দুৰ্গাৰাম আৰু আনন্দৰাম ফুকনক নিবলৈ দিলে। আনন্দৰাম আৰু দুৰ্গাৰাম ফুকন কলিকতালৈ যাবলৈ প্ৰস্তুত হল। দুৰ্গাৰামৰ লগত ৰামদেৱ নামে এজন শিলাৰ ব্ৰাহ্মণ ৰান্ধনি আৰু ফলাৰাম, বিনন্দ আৰু অনাদৰ এই তিনিজন ঘৰ ওপজা লগুৱাও ললে। আনন্দৰাম ফুকনৰ লগত শ্ৰীধৰ নামে বৰভগীয়া ব্ৰাহ্মণ ৰান্ধনি আৰু মিছিৰ ভঁৰালী আৰু এটা লগুৱ৷ আৰু তেওঁৰ মোক্তাৰ ৰামচন্দ্ৰ বিশ্বাসকো ললে। ১৮৪১ চনৰ বাৰিষা শুভদিন চাই দুয়ো নৌকাযাত্ৰা কৰিলে। নিৰ্ব্বিঘ্নে অভিলাষ সিদ্ধি কৰি পুনৰায় স্বস্থান প্ৰাপ্তিৰ কামনা কৰি কামাখ্যালৈ শুক্লবৰ্ণৰ মহিষ, ঘৰৰ বিগ্ৰহলৈ আৰু আন আন দেৱতালৈ আন আন বস্তু আৰু শান্তি-স্বস্ত্যয়ন আগ কৰা আৰু মনা হল। মেথী চাহাবে তেওঁ বিলাকৰ লগত তেওঁৰ ছাপ্ৰাচী পঠালে। দুয়োজন৷ চাহাবে ‘কালবিন কোম্পানী’, ‘কেণ্টৰ কোম্পানী’, ‘কেৰগচন কোম্পানী’ ডাক্তৰ মৌৱাট, মেং হেলিডে, মেং বেকেট ইত্যাদি কলিকতাৰ বৰ বৰ লোকলৈ পৰিচয়-পত্ৰ দিলে। তেওঁ বিলাকে তাত সেই সেই কোম্পানীৰপৰা আৱশ্যকীয় টকা পাবলৈ সুবিধা কৰি দিলে।