পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
আনন্দৰাম ঢেকিয়াল
 

আহিলত তেওঁ তেওঁক সমুচিত সম্ভ্ৰম কৰি আসন দি কথাবাৰ্ত্তা কলে। যাবৰ সময়ত ডাঙ্গৰীয়াই ফুকনৰ ওচৰলৈ আহি আঠুকঢ়াৰ ভাব কৰি কিবা কথা কলে। তাতে তেওঁক ফুকনে বৰ বেয়া বুলিলে। যেতিয়া যি ৰাজকীয় ক্ষমতা পাইছিল তাক তেওঁ ন্যায়ৰূপে আচৰণ কৰিছিল। তেওঁৰ শৰীৰ ৰুগ্ন আছিল। তথাপি তেওঁ নিত্যপূজা নেৰিছিল। পৰিচাৰকে তেওঁৰ হাতত জল বা পুষ্প দিয়ে, তেওঁ মন্ত্ৰ বোলে আৰু সেই পৰিচাৰকে আকৌ সেই জল বা পুষ্প হাতৰপৰা নি সমীপৰ মূৰ্ত্তি, যন্ত্ৰ বা শালগ্ৰামত দিয়ে। বেজবৰুৱাৰ ঘৰৰ নোমল আৰু হেমকণ্ঠ তেওঁৰ লগত প্ৰায় থাকিছিল আৰু তেওঁক ঔষধ ইত্যাদি দিছিল। তেওঁৰ মাতৃ আৰু মাতামহ জীৱিত আছিল। হলিৰাম ফুকন বৰ উদ্যোগী আৰু শ্ৰমী আছিল। দিনত অনেক কাৰ্য্য কৰিব লগা হোৱাত সংক্ষেপ পূজা কৰিছিল। ৰাত্ৰি ৰাহুল্যকৈ নিত্যপূজা কৰিছিল। তেওঁ বৰ প্ৰতাপী লোক আছিল আৰু শাসন কাৰ্য্যত পটু আছিল। বঙ্গালী আৰু হিন্দুস্থানী লোকসকলক বিজাতীয় বুলি ঘৃণা নকৰি বৰঞ্চ সেইসকলক দেশত কাম-কাজ দি ৰাখিবলৈ বৰ পুৰুষাৰ্থ কৰিছিল। গীত-বাদ্য ইত্যাদিতো এওঁৰ বৰ উৎসাহ আছিল। কোনো পৰ্ব্ব উপলক্ষে কি এনেই ঘৰত প্ৰায় গান- বাজনা হৈছিল। এটা বৰ সুন্দৰ চৌৱাৰী ঘৰ বৈঠকখানা আছিল, তাত অনেক বহুমূল্য বস্তু আছিল। সেই চৌৱাৰী ঘৰটো জুই লাগি পোৰে। আৰু তাৰ পৰা অনেক হানি হয়। তাৰ ভেটী এতিয়া অলপ দিনলৈকে আছিল। এওঁবিলাকে উমৈহতীয়াকৈ প্ৰতি বৎসৰ ফল্গুৎসৱ, জন্মাষ্টমী, গণেশ পূজা আদি কৰিছিল। তাত বাজেও কাৰ্ত্তিকমহীয়া এজন ব্ৰাহ্মণ হবিষ্যে আকাশ-প্ৰদীপ দিছিল আৰু প্ৰতিদিন তুলসী দিছিল! মাঘমহীয়া সমুদায় মাহত এজন ব্ৰাহ্মণে প্ৰতিদিন গীতা পাঠ কৰিছিল। দুৰ্গোৎসৱত ঘটস্থাপন কৰি চণ্ডী পাঠ কৰিছিল। পৌষমাহত ঘৰৰ দেৱতাক আৰু ব্ৰাহ্মণক খিচিৰি ভোগ দিয়া হৈছিল। মাঘত আকৌ