পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৰিশিষ্ট

 আনন্দৰাম ফুকনৰ মৃত্যুৰ পাচত তেওঁৰ পৰিবাৰবিলাক এক বৎসৰ নগাঁওত থাকে। ইয়াৰ মাজতে গুণাভিৰাম চব-এচিষ্টেণ্ট কমিচনৰ নিযুক্ত হৈ ১৮৫৯ চনৰ অক্টোবৰত তেজপুৰলৈ যায়। তাৰপৰা ১৮৬০ চনৰ জানুৱাৰীত গোৱালপাৰালৈ বদলি হয়। ফুকননী পুত্ৰ কন্যাদি সকলোকে লৈ ১৮৬০ চনৰ বৰ্ষাত গুৱাহাটীলৈ যায়। তাত পূৰ্ব্বৰ ঘৰ জীৰ্ণ হৈ যোৱাত আৰু নতুন গৃহ প্ৰস্তুত নোহোৱাত থাকিবলৈ অসুবিধা পাই ১৮৬১ চনত গোৱালপাৰালৈ গল। ইফালে ধৰ্ম্মদত্তই ঘৰ সজাবলৈ ধৰিলে। গোৱালপাৰাত সকলোৰে নৰিয়া হৈ কষ্ট ভোগ কৰে। তাৰপৰা সেই চনৰ অক্টোবৰত ঘূৰি গুৱাহাটীলৈ আহে। তাৰ পাচমাহত আনন্দৰাম ফুকনৰ মৃত্যু হয়। ১৮৬২ চনৰ ডিচেম্বৰত শূলপাণি ভড়ালি বৰুৱাৰ ঘৰৰ শশধৰ ফুকনৰ পুতেক নন্দীশ্বৰে সৈতে পদ্মাৱতীৰ বিবাহ হয়। ইয়াৰ কেইমাহমানৰ পাচত ১৮৬৩ চনৰ বৰ্ষাত চন্দ্ৰপ্ৰভাৰ মৃত্যু হয়৷ ৰাধিকা আৰু অন্নদা গুৱাহাটীত থাকি তাৰ ইংৰাজী স্কুলত পঢ়ে। ১৮৬৪ চনৰ আদিতে ফুকননী গঙ্গা স্নান কৰিবলৈ মুৰচিদাবাদলৈ যায়। ৰাধিকা, অন্নদা আৰু পদ্মাৱতী গুণাভিৰামৰ লগত বৰপেটাত থাকে। তাৰপৰা গোৱালপাৰালৈ গুণাভিৰামৰ আকৌ যাবলগীয়া হোৱাত তালৈ যায়। ৰাধিক৷ আৰু অন্নদা গুৱাহাটীলৈ গৈ স্কুলত পঢ়িবলৈ ধৰে।১৮৬৬ চনৰ আদিতে গুণাভিৰাম নগাঁৱলৈ বদলি হৈ আহে৷ তাৰ পাচতে ৰাধিকা বাপাৰ উপনয়ন সংস্কাৰ হয়।