কেইবাবাৰ ভেদ হয়। তেওঁ বৰ দুৰ্ব্বল হল। আৰু ভাটী-
বেলীয়া ৪॥ বজাত কলে বোলে সৰুকৈ মানুহে কথা কলে তেওঁ
নুশুনে। তেওঁৰ বৰ তৃষ্ণা হৈছিল, সেইবাবে নেমুটেঙ্গা একো
চকলা মুখত লৈছিল আৰু কেতিয়াবা কিচমিচৰ পানী খাইছিল।
ইয়াৰ পাচতে তেওঁৰ বাঁতি হয়, সেইটো ইমান হল যে তাৰ
নিমিত্তে তেওঁৰ ঔষধ খোৱাই কষ্ট হৈছিল। তেওঁ চাগু বা
আৰাৰুট খাব নোৱাৰা হলত ডাক্তৰে তেওঁক কাঁজি আৰু মগু
ডালিৰ জোল খাবলৈ দিলে। বৰ কষ্টে তেওঁ তাক খালে।
ৰাত্ৰি তেওঁৰ ভালকৈ টোপনি নাহিল আৰু কেইবাবাৰো ভেদ
হৈছিল। শৌচৰ বৰ্ণ কেতিয়াবা হালধীয়৷ আৰু কেতিয়াবা ৰঙ্গা
সেউজীয়া আছিল। তেওঁ ইমান দুৰ্ব্বল হৈছিল যে তেওঁ মাচি
য়াতে বহি শৌচ কৰিছিল আৰু তেওঁৰ পত্নীয়ে পৰিষ্কাৰ কৰি
ছিল। ডাক্তৰে শৌচ চাই কৈছিল বোলে পীত্ত ওলাইছে।
তাৰ পাচদিন৷ ডাক্তৰে কলে যে জ্বৰ গল। কিন্তু দেশীয় কোনো
কোনো আমোলা লোকে তেওঁক চাই কলে বোলে জ্বৰ যোৱা
নাই আৰু ডাক্তৰি চিকিৎসা পৰিত্যাগ কৰি দেশীয় ঔষধ ব্যৱ-
হাৰ কৰা হওক। ফুকনে দেশীয় ঔষধ খাবলৈ ইচ্ছা নকৰিলে।
তেওঁৰ বাঁতি হোৱাত ডাক্তৰে আকৌ ভেদৰ ঔষধ দিলে।
তাত তেওঁৰ কেইবাবাৰো ভেদ গল৷ তাতো বাঁতি নোযোৱাত
৩ বজাত ডাক্তৰে মষ্টাৰ্ড পুল্টিচ পেটত দিলে, সেই পুল্টিচ ৪
বজাত গুচোৱা হল। তেওঁ মূৰ্চ্ছা যেন হৈছিল৷ আকৌ ডাক্তৰে
ভেদৰ ঔষধ দিলে। ভেদ হোৱাত ৰাত্ৰি টোপনি নাহিল।
ৰাতিপুৱা ডাক্তৰে কলে যে, তেওঁৰ গা ভাল হৈছে। ফুকনে
নিজেও “গা ভাল পাইছো” বুলি কলে। ডাক্তৰে পুনৰায় ভেদৰ
ঔষধ দিলে। ৫ কি ৬ বাৰ ভেদ হল। ফুকনে সদাই এদিন
অন্তৰে এদিন নিজে দাঁঢ়ি ক্ষুৰাইছিল। নৰিয়াত ক্ষৌৰ কৰ্ম্ম
কৰিবলৈ পলম হোৱাত সেইদিনা ১২ বজাত তেওঁ নিজে ক্ষৌৰ
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৪৯