পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
আনন্দৰাম ঢেকিয়াল
 


একত্ৰে সকলোবিলাক থাকিল। সেইকেইদিনৰ আমোদ অতি সন্তোষকৰ। পুৱা গধূলি খাওঁতে বৰ সুখেৰে কাল কৰ্ত্তন কৰা গৈছিল। একোদিন আমোদ আহ্লাদতে ৰাত্ৰি প্ৰায় দুই প্ৰহৰ হয়; যি আমোদ হৈছিল সেইবিলাক কোনো অশ্লীল বা অসাৰ নহয়। এদিন গধূলি ফুকন, বলৰাম ফুকন, পৰশুৰাম বৰুৱা, গুণাভিৰাম প্ৰভৃতিৰে নগাঁওৰ ফাটক চাবলৈ গল। ফাটকত কয়দী জোখা এটি যন্ত্ৰ আছে। তাতে তেওঁবিলাকৰ জোখ ললে। এই এই জোখ হল,—ফুকন ১।৮ সেৰ, বলৰাম ফুকন ২/৪ সেৰ, পৰশুৰাম বৰুৱা ১ ৬॥ সেৰ, গুণাভিৰাম ১/৫ সেৰ, গোলাপ সিংহ জেইল দাগা ২/০ মোণ। এই সময়তে ফাল্গুনৰ ২৪ তাৰিখে ৰাধিকা বাপাটিৰ চূড়াকৰণ হল। যেতিয়া ফুকনৰ ওচৰত বাপাটি বহিল আৰু ফুকনে অধিবাস কৰিছিল তেতিয়া বলৰাম ফুকনে এই কথা কলে, “এইবিলাক ঈশ্বৰৰ খেলনা।” এই সংস্কাৰ শেষ হোৱাত বলৰাম ফুকনউৰু গুৱাহাটীলৈ গল।

 ইয়াৰ কিছুমান পাচত বৈশাখত পুৰণি গুদামৰ হেমাই কটকীৰ কন্যা, লুদুৰী বা লক্ষ্মীৰে সৈতে কম্বুকণ্ঠৰ বিবাহ হল। ফুকন আৰু ফুকননীয়ে এই আশ্ৰিত লৰাটিৰ ঘৰ পাতি বৰ সন্তোষ পালে। সেই বৈশাখৰ ২৭ তাৰিখে অন্নদা বাপাৰ চূড়াকৰণ কাৰ্য্য সম্পাদিত হল। এই সময়তে দেৱানী কাৰ্য্য বিধান ১৮৫৯ চনৰ ৮ আইন প্ৰচাৰিত হল। সেই আইন বঙ্গলা অনুবাদ কৰি কাৰ্য্য বিষয়ক আন নিয়ম আৰু নজীৰ ইত্যাদিৰে সম্পূৰ্ণ কৰি এখান পুস্তক প্ৰচাৰ কৰিবলৈ ইচ্ছা আৰু অনুবাদো কৰিব ধৰিছিল। ফুকনৰ বন্ধু আৰু শিক্ষক ব্লাণ্ড চাহাব মে মাহৰ শেষত নগাঁওলৈ আহিল। তেওঁৰে সৈতে ফুকনে কথা-বাৰ্ত্তা কৈ অতিশয় সন্তোষ পালে।

 এই ১৮৫৯ চনৰ মে মাহ অতিবাহিত হল। জুন মাহৰ প্ৰথমতে তেওঁৰ শিশু কন্যাৰ উদৰাময় হয়। এনে টান হৈছিল