যেন এদিন কন্দৰ্পেশ্বৰ সিংহ ৰাজকুমাৰক ভটীয়াই নিওতে তেওঁক
সাক্ষাৎ কৰিবলৈ লাওখোৱালৈ গৈছিল। পত্ৰ প্ৰেৰকৰ নাম
নাছিল৷ ফুকনে এই পত্ৰ পঢ়ি বৰ দুখিত আৰু চমৎকৃত হল।
তেওঁ কমিচনৰ ডেপুটী কমিচনৰ আৰু সকলো জিলাৰ প্ৰধান
এচিষ্টেণ্ট সকললৈ তেওঁবিলাকে তেওঁৰ বিষয় কি শুনিছে এই
সুধি পঠালে। সকলোবিলাক তেওঁ যে নিৰ্দোষী আৰু তেওঁৰ
কোনো অপযশ শুনা নাই এই বুলি লিখিলে। গোৱালপাৰাৰ
কালেক্টৰ চাহাবে ফুকনৰ নামে বিজনী সম্বন্ধে যি অভিযোগ
কৰিছিল সেইবিলাক অপ্ৰমাণ হোৱাত কমিচনৰ চাহাবৰ
আজ্ঞাৰে সেই অভিযোগ পত্ৰ তুলি নিলে আৰু পত্ৰেৰে ক্ৰুটী
স্বীকাৰ কৰিলে।
১৮৫৮ চনত শ্ৰী শ্ৰীমতী মহাৰাণীয়ে ভাৰতবৰ্ষৰ শাসন কোম্পানীৰ হাতৰপৰা নিজে গ্ৰহণ কৰিলে। সেই চনৰ ১৯ নবেম্বৰত সেই বিষয় ঘোষণা পাঠ দিন ধাৰ্য্য হল। সেই ঘোষণা অসমীয়াৰে ফুকনে অনুবাদ কৰিলে। ১৯ নবেম্বৰত কাছাৰীঘৰৰ সন্মুখত অনেক প্ৰজা গোট খালে। তাতে ফুকনে ইংৰাজী ঘোষণাখান পাঠ কৰিলে। বঙ্গলা ঘোষণা ৰত্নেশ্বৰ কালেক্টৰীৰ চিৰস্তাদৰ, উৰ্দ্দু ঘোষণা জগদ্বন্ধু ফৌজদাৰীৰ চিৰস্তাদাৰ আৰু অসমীয়াখান হাবিৰাম দেৱানীৰ পেস্কাৰে পাঠ কৰে। চিপাহীবিলাকে বন্দুকধ্বনি কৰে। ৰাত্ৰি চাকি লগোৱা যায় আৰু চাকিতেই “শ্ৰীশ্ৰীমতী মহাৰাণীৰ জয়” এই কথা প্ৰকাশিত কৰা হয়। সেই ৰাত্ৰি শলগুৰী আৰু নৰোৱাৰ মহন্তসকলে ভাওনা কৰে। নগৰলৈ অনেক প্ৰজা আহিছিল। মহন্তসকলৰ কোনে আগ কোন পাচ এই বিষয়ে বৰ বিবাদ লাগিছিল। ফুকনে সেই বিবাদ ভঞ্জন কৰি দিলে। এই সমাৰোহৰ কাৰ্য্য অতি শৃঙ্খলাৰূপে সম্পাদিত হল। ফুকনৰ লগত লম্বোদৰ ডেকাবৰুৱাৰ দ্বিতীয় কন্যা আছিল। সেই কন্যাটিক ফুকনে লাইঅটীয়া সত্ৰৰ