পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১২৫
 


মানুহে ইপাৰ সিপাৰ হবলৈ বৰ সুবিধা পাইছিল। এই দলঙ্গ বটলৰ চাহাবে বহু যত্ন আৰু শ্ৰম কৰি সজাইছিল।

 ফুকন নগাঁওলৈ অহাৰ সময়তে বিজনীৰ অমৃতনাৰায়ণ ভূপ বাহাদুৰ মৃত্যু হল। ৰজাৰ পুত্ৰ নাছিল। তেওঁৰ ৰাণী ভাগ্যে- শ্বৰীয়ে ৰজাৰ অনুমতি মতে কুমুদনাৰায়ণ নামে তেওঁবিলাকৰ বংশৰ কোঁঞৰ এটি পোষ্যপুত্ৰ ললে। ৰাণী তিৰোতা আৰু লৰা নাবালক দেখি বিজনীৰ জমীদাৰী কোৰ্ট অব ওয়াৰ্ডচৰ অধীনলৈ আহিল। সেই হোৱাত কালেক্টৰ কমিচনৰ প্ৰভৃতি গবৰ্ণমেণ্টৰ কৰ্ম্মচাৰীয়ে তাৰ কাৰ্য্য কৰিবলৈ ধৰিলে, প্ৰজা আৰু ৰজাৰ মাজত খাজনা ইত্যাদি বিষয়ে যি বিৰোধ আছিল সেইটো গবৰ্ণমেণ্টে মাৰিব লগীয়া হল। গবৰ্ণমেন্টে এজন ডেপুটী কালে- ক্টৰ আৰু আমীন ইত্যাদি নিযুক্ত কৰি জমিদাৰী বন্দোবস্ত কৰিবলৈ ধৰিলে। আনন্দৰাম ফুকনৰ কৰ্ম্মৰ বেতন আৰু পুৰস্কাৰ আৰু বলৰাম ফুকনৰ বৰাতি কিছুমান টকা প্ৰাপ্য আছিল। তাৰ হিচাপ দি বিজনী ৰজাৰ সম্পত্তিৰ ওপৰত ফুকনে কিছু টকাৰ দাবী কৰি গোৱালপাৰাৰ কালেক্টৰ চাহাবক আৰজি কৰে। ফুকনে যিমান শ্ৰম, অধ্যৱসায় আৰু যত্ন কৰি ৰজাৰ জমীদাৰী ৰক্ষাৰ উপায় কৰিলে আৰু যাৰ ফল স্বৰূপে সেই বন্দোবস্ত হৈছিল তাক ৰজাৰ পক্ষৰ কাৰ্য্যকাৰকসকলে বিবেচনা নকৰিলে। ফুকনৰ দাবী অলীক এইৰূপ প্ৰকাশ কৰিলে। গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাবে সেই কথাকে বিশ্বাস কৰি ফুকনৰ বিপক্ষে মিছা দাবী কৰা বুলি কমিচনৰ চাহাবলৈ ৰিপ'ৰ্ট কৰিলে। ফুকনে ইয়াৰ বাৰ্ত্তা পাই বৰ দুখিত হল। তেওঁৰ দাবী যে যথাৰ্থ আৰু তেওঁৰ ওপৰত যে অকাৰণ অভিযোগ দিয়া হৈছে এই বিষয়ে কমিচনৰ চাহাবক জনালে। কমিচনৰ চাহাব সেই বিষয় অনুসন্ধান কৰিবৰ নিমিত্তে প্ৰবৃত্ত হল। এই সময়ত ফুকনৰ ঘৰ বাৰী সকলো পৰিপাটী হল।