প্ৰাপ্ত হয়। কছাৰী দেশৰ ৰজাই অসম ৰজাৰে যুদ্ধৰ কাৰবাৰ
কৰাত হৰিপদ ডেকাফুকন আৰু আন আন লোক কছাৰীৰে
ৰণ কৰিবলৈ যায়। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীও সেই লগতে যায়।
তেওঁ আনি দিয়া হিন্দুস্থানী চিপাহীও গৈছিল। অতি কষ্টে
আমাৰ ফালে অনেক ক্ষতিৰ পাচত সেই ৰণ আমাৰ পক্ষে
জয় হয়। ব্ৰহ্মচাৰীৰ গুণত ৰজা বুঢ়াগোঁহাই প্ৰভৃতি সকলো
সন্তুষ্ট আছিল। বঙ্গদেশে সৈতে যাতায়াতৰ সুবিধা কৰা তেওঁৰ
যত্ন আছিল। বুঢ়াগোঁহাই ডাঙৰীয়াইও জানিবলৈ পালে যে
বঙ্গ আৰু হিন্দুস্থানেৰে যাতায়াত নাথাকিলে দেশৰ মঙ্গল নহয়
আৰু সেই কাৰ্য্য ব্ৰহ্মচাৰীৰ পৰা ভালকৈ হব পাৰিব এনে আশা
কৰিলে।
ব্ৰহ্মচাৰীৰ পুত্ৰসকল গুৱাহাটীতে থাকে। পৰশুৰাম হাদীৰাত থাকে আৰু গুৱাহাটীতো থাকে। এবাৰ কেইওজনাক লৈ ব্ৰহ্মচ৷ৰী যোৰহাটলৈ গৈছিল বুলি অনেকে কয়। কিন্তু ৰণৰাম হলে তেওঁৰ লগত সদাই থাকিছিল। পৰশুৰামৰ নামেই ৰজাঘৰত হাদীৰা চকি ব্ৰহ্মচাৰীয়ে লগাই দিয়ালে। কিয়নো তেওঁ আটাই কেইজনতকৈ বুদ্ধিমান বহুদৰ্শী আৰু পাৰ্গত আছিল।বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ অনুগ্ৰহত কমলেশ্বৰ সিংহ স্বৰ্গদেৱে লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীক ১৭২২ শকত তাম্ৰফলি কৰি বেলতলা আৰু কৰুণাবাৰীত কিছু মাটি ব্ৰহ্মোওৰ দিলে।
বঙ্গদেশ আৰু অসমদেশৰ সীমাতে হাদীৰা চকি। বিদেশৰ কোনো আক্ৰমণ কি আন কথাবাৰ্ত্তা ৰজাঘৰলৈ দুৱৰীয়াই জনাব লাগে। বঙ্গদেশৰ পৰা যি নাও অসম দেশলৈ যায় তাত হাতীদাঁত, মজাঠী, লোণ প্ৰভৃতি মাচুল লব লগীয়া বস্তু হলে তাৰ মাচুল লব লাগে। আৰু বছৰি কোনো নিৰ্দিষ্ট টকা ৰজাৰ ভঁড়ালত শোধাব লাগে; এই দুটিয়েই দুৱৰীয়াৰ প্ৰধান কাৰ্য্য আছিল। নাওবিলাক চাবৰ নিমিত্তে লাক্লঙ্গীয়া তালাচী