পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১১৯
 


চাহাব প্ৰভৃতিৰে সাক্ষাৎ কৰিলে। জুলাই মাহৰ ৪ তাৰিখে ফুকন মিলচ চাহাবৰ তলৈ গল। চাহাব জাহাজেৰে আহিছিল। তেওঁ নিজে সেই চাহাবক তেওঁ লিখা সেই আবেদনপত্ৰ দিলে। চাহাবে আদৰেৰে তাক গ্ৰহণ কৰিলে আৰু মুখেও এই দেশৰ বিষয় অনেক কথা সুধিলে, তেওঁ যিমান জানে তাক কলে। মিলচ চাহাবে যেতিয়া তেওঁৰ ৰিপোৰ্ট গবৰ্ণমেণ্টত দিয়ে তেতিয়া তাৰ লগত এই পত্ৰও দিছিল। সেই ৰিপৰ্টৰ লগত ইও পৰিশিষ্টত ছাপা হয়। অসম দেশত অসমীয়া ভাষা চলিব লাগে এইটে৷ মিলচ চাহাবে মত দিয়ে। আৰু সেই মত ফুকনৰ দ্বাৰাই প্ৰতিপোষক হয়। ফুকনৰ আন আন কথাৰ বিষয়েও মিলচ চাহাবে তেওঁৰ ৰিপৰ্টত লিখিছিল। প্ৰকৃতে ফুকনৰ এই ৰিপোৰ্ট বৰ কাৰ্য্যকৰ হৈছে। যি কেতবিলাক কথা এতিয়াহে হৈছে বা হব লাগিছে সেই কথাৰ অনেক ফুকনে দীৰ্ঘদৰ্শীৰ ন্যায় তেতিয়াই কৈ গৈছে। সেই আবেদন পত্ৰ এখান পুস্তকৰ আকাৰে সুন্দৰ ছাপা হব পাৰে।

 বলৰাম ফুকন তীৰ্থত থাকোতেই তেওঁৰ গৃহদাহ হৈ অনেক হানি হল। ফুকন তেতিয়া বৰপেটাত আছিল। দুইওজনা ফুকনৰ মাজত পূৰ্ব্বৰ যি বিৰোধ আছিল সি আপোচ হৈ সৰু জনাই আনন্দৰাম ফুকনক টকা দিবলৈ স্বীকাৰ কৰিলে। গুৱাহাটীত খাত পাম আৰু ফুকনেৰে হিচাপ ইত্যাদি পৰিষ্কাৰ কৰি আৰু দেশীয় বন্ধু সকলক সাক্ষাৎ কৰি ১৪ জুলাই তাৰিখে আনন্দৰাম ফুকন নগাঁওলৈ যাত্ৰা কৰিলে। নগাঁওত ষ্ট্ৰং চাহাব থকা বঙ্গলাটে৷ তেতিয়াৰ বাৰিক মাষ্টৰ মাৰ্টিন চাহাবৰপৰা ১০০০্ টকাত কিনিবলৈ স্থিৰ কৰি ক্ৰয় কৰিলে। সেই ঘৰত তেওঁৰ পৰিবাৰ থাকিব পৰা স্থান নাছিল। সেইদেখি ফুকনে তেওঁৰ পৰিবাৰ গুৱাহাটীত এৰি অকলে খেল নৌকাৰে ১৪ জুলাইত যাত্ৰা কৰিলে। গুৱাহাটী এৰি কলঙ্গ সোমাই লাউমুদৈৰ ঘাট