সেইসকলে এই দেশ শাসন কৰে। কোনো কৰ্ম্মচাৰী আহি
ইয়াৰ অৱস্থা অনুসন্ধান কৰা নাছিল। ১৮৫৩ চনৰ বৰ্ষাৰ
আদিতে সদৰ আদালতৰ জজ মেং মিলচ চাহাবক গবৰ্ণমেন্টে
এই দেশলৈ পঠালে। তেওঁ এই দেশৰ সকলো বিষয় চাই
গবৰ্ণমেণ্টলৈ ৰিপোৰ্ট কৰিবলৈ ভাৰ পালে। অসম দেশৰ অৱস্থা
ফুকনে ভালকৈ জানিছিল। আমাৰ দেশৰ বিস্তৰ অভাব।
কলিকতাত থাকোতে তেওঁ তাৰ ৰাজ-কৰ্ম্মচাৰী আৰু আন
লোকে সৈতে আলাপ কৰি যিবিলাক অনুসন্ধানৰ যোগ্য
বিষয় তাক তেওঁ অৱগত হৈছিল। সেইবিলাক বিষয় লিখি
অসম দেশৰ লোকসকলৰ পক্ষে মিলচ চাহাবক এখান দৰখাস্ত
দিবলৈ ফুকনে আলচ কৰিলে, ইংৰাজী ভাষাত এখান দৰখাস্ত
লিখা হল। পাছে দেখিলে যে এই দেশৰ সকলো লোকৰ
পক্ষে তেওঁ আৰজী দিয়াটে৷ শ্ৰেয়ঃ নহয়। এতেকে নিজেই এক
মিমৰাণ্ডম বা স্মাৰক পত্ৰৰ দৰে এক সুদীৰ্ঘ প্ৰবন্ধ লিখিলে।
তাত আমাৰ দেশৰ বিস্তৰ অভাব আৰু গবৰ্ণমেন্টে কাণ দিব
লগীয়া অনেক কথা আছিল। এনে অনেক কথা আছিল
যাক সেই পৰ্যন্ত কোনেও গবৰ্ণমেণ্টৰ কৰ্ণগোচৰ কৰা নাছিল।
প্ৰজাৰ ভূমিৰ ওপৰত স্বত্ব, ভূমি বন্দোবস্ত, চিৰস্থায়ী বন্দোবস্ত,
পতিত বা হাবিমাটি, দেৱানী, ফৌজদাৰী ৰাজস্বৰ বিচাৰ প্ৰণালী,
শপত, ভাষা আৰু ভাষা শিক্ষা, পাঠশালা আৰু পাঠশালাৰ
শিক্ষা, কৃষি, বাণিজ্য, শিল্প, জন্তু আৰু মনুষ্যৰ মাৰী ভয়,
পুলিচ, শান্তিৰক্ষা, বিবাহ ৰেজেষ্টৰি ইত্যাদি।
এই সকলো বিষয়তে ন্যায়সঙ্গত হেতুবাদেৰে পৰিপূৰ্ণ আছিল। মিলচ চাহাব গুৱাহাটীৰপৰা উজাই গল। ফুকনে এই আবেদন পত্ৰ লিখি তাক মিলচ চাহাবক দিবলৈ ইমান ব্যস্ত হৈছিল যে তেওঁ ১৫ দিনৰ বিদায় লৈ গুৱাহাটীলৈ আহিবলৈ চাহাবত প্ৰাৰ্থনা কৰিছিল। সেই বিদায় গ্ৰাহ্য হৈছিল। এনেতে নগাঁওৰ