পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১১৩
 


ছোট চাহাব হৈছে, তেওঁ মোৰ কামলৈ আহিব, মই অমুক ঠাইলৈ যাম” চিৰস্তাদাৰে ইয়াকে শুনি কলে যে “খোদাৱন্দা! হুজুৰ গলে যদি ফুকন এই গদীত বহে গোলামে কামকে ইস্তফা দিম।” যিসকল লোকে ফুকনৰ এই উন্নতিত পেটে বেয়া পাইছিল সেইসকলেও তেওঁৰ বিদ্যা বুদ্ধি আৰু সৌজন্যৰ কথা দেখি বা শুনি তেওঁবিলাকতকৈ যে ফুকন শ্ৰেষ্ঠ এইটো স্বীকাৰ কৰিছিল৷ কোনো এজন কৃষ্ণবৰ্ণ ফিৰিঙ্গি কেৰাণী চাহাবে এজন দেশীয় লোকক কৈছিল বোলে “দেশৰ কলা মানুহ যেতিয়া ছোট চাহাব হল তেতিয়া আৰু ছোট চাহাব পদৰ গৌৰৱ গল।” ফলে উচ্চ পদৰ আৰু শ্ৰেণীৰ কি ইংৰাজী কি দেশীয় লোক সকলোৱেই ফুকনৰ উন্নতিত সন্তোষ পাইছিল। আৰু সাধাৰণ লোকসকলেও বৰ সন্তোষ পাইছিল।

 চব এচিষ্টেণ্ট কমিচনৰ হলত জেনকিনচ্ চাহাবে ফুকনক বিজনীৰ ৰজাৰে সকলো কাৰবাৰ এৰিবলৈ চিঠি লেখিলে আৰু তেওঁ এৰিলে৷ ৰামচন্দ্ৰ বিশ্বাস ফুকনৰ মোখ্তাৰ আছিল। তেওঁ বিজনীত পেচকাৰ হোৱাত অনেকৰ অসহ্য হল। বিশেষতঃ ফুকনৰ দেৱান কৰ্ম্ম পাবলৈ কোনো কোনো লোকে অভিলাষ কৰিছিল সেইসকলে গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাবক ফুকনে তলে তলে বিজনীৰ কাৰ্য্য কৰা কথা কলে। চাহাবে কমিচনৰ চাহাবলৈ এই বিষয় চৰকাৰী ৰিপোৰ্ট কৰে। কমিচনৰ চাহাবে ফুকনক সেই বিষয় জ্ঞাত কৰি বিজনীৰ ৰজাৰে প্ৰকাশ্যে কি অপ্ৰকাশ্যে সকলো সম্পৰ্ক পৰিত্যাগ কৰিবলৈ লিখে। ফুকনে চাহাবলৈ জনায় যে তেওঁ পূৰ্ব্বেই ৰজাৰ সকলো কথা এৰিছে আৰু হিচাপ ইত্যাদি যি দিব লগা আছিল তাকো দিছে।

 বৰপেটা প্ৰাচীন ঠাই। মহাপুৰুষীয়া সাধুসকলে কয় বোলে যেতিয়া শ্ৰীকৃষ্ণ দ্বাৰকাৰপৰা ৰথত উঠি কুণ্ডিল নগৰত ৰুক্মিণীক বিবাহ কৰাবলৈ যায় তেতিয়া তেওঁ বৰপেটাত জিৰাইছিল।