পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
আনন্দৰাম ঢেকিয়াল
 


বুজাই দিলে। তাৰপৰা পোনেই বৰপেটালৈ গৈ ৮ অক্টোবৰত বৰপেটা পালে। আৰু ৯ অক্টোবৰত হডচন চাহাবৰপৰা চবএচিষ্টেণ্ট পদৰ চাৰ্য্য গ্ৰহণ কৰিলে। তাৰ পাচদিনাও জেইল প্ৰভৃতি চাই বাকী কৰ্ম্মৰ ভাৰ গ্ৰহণ কৰিলে। তাৰ পাচদিনা হডচন চাহাব গুৱাহাটীলৈ গল। ফুকন সেই চাহাবৰ বঙ্গলাতে থাকিলগৈ। ভোজনৰ আৰু মানুহ দুনুহ থাকিবলৈ ওচৰতে হাউলিকৈ ঘৰ সজালে। ফুকনে কৰ্ম্ম কৰিবলৈ আৰম্ভ কৰি বিশেষ কষ্ট বা অসুবিধা নাপালে, কিয়নো পূৰ্ব্বেও কৰ্ম্ম কৰা হৈছিল আৰু আন আন কৰ্ম্ম কৰি অনেক শিক্ষা পাইছিল।

 কিছুদিনৰ মূৰত ৰামচন্দ্ৰ বিশ্বাস বৰপেটালৈ আহিল। তেওঁক বিজনীৰ বিষয় যি উপদেশ দিবলগীয়া তাক ফুকনে দিলে আৰু ইয়াৰ পূৰ্ব্বে তেওঁক যি সনদ আৰু নিয়মাবলী দিয়া হৈছিল তাক ফুকনে ভালকৈ বুজাই দিলে। অক্টোবৰ মাহৰ ২৭ তাৰিখে ফুকনৰ পত্নী আৰু মাতৃউৰু বৰপেটা পালে। সেইদিনাই জেনকিন্ চাহাবৰপৰা চিঠি পালে যে গবৰ্ণমেণ্টে তেওঁৰ নিয়োগ গ্ৰাহ্য কৰিছে। ইয়াকে পাই তেওঁ পৰমেশ্বৰক ধন্যবাদ দি বৰ সন্তোষিত হল। ফুকনৰ মাতা আৰু বিমাতা কাশীলৈ যোৱাৰ বিষয় পূৰ্ব্বেই স্থিৰ হৈছিল। বলৰাম ফুকন গোৱালপাৰাত আছিল। আনন্দৰাম ফুকনৰ মাতৃ দুজনা ২ নবেম্বৰত ১৭৭৪ শঁকৰ ১৮ কাৰ্ত্তিকত গঙ্গা, গয়া, কাশী, প্ৰয়াগলৈ যাত্ৰা কৰিলে। ফুকনৰ ভাৰ্য্যা মাহিন্দ্ৰী ফুকননী ঘৰৰ প্ৰধান গৃহিণী হল। তেওঁ সুন্দৰকৈ লিখিব আৰু পঢ়িব জানিছিল; বঙ্গলা আৰু অসমীয়া পুস্তক সুন্দৰকৈ বুজিছিল; সামান্য অঙ্ক কৰিব পাৰিছিল। ফুকনৰ ঘৰৰ হিচাপ-পত্ৰ তেওঁ আদৌ ৰাখিছিল৷ তাঁত আৰু আন শিল্প কৰ্ম্মও পাৰিছিল। ফুকন এইজনা পত্নীৰপৰা সাংসাৰিক সুখভোগ কৰিবলৈ সমৰ্থ হৈছিল।