পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৫ ]

আংশিক ৰূপে সত্য হলেও সম্পূৰ্ণ সত্য নহয়! আমাৰ নিজৰ ফালৰ পৰা আপ্ৰাণ চেষ্টা হলে ভাষা বা সাহিত্যৰ বহুল উন্নতি বা প্ৰচাৰ হব নোৱাৰে। অন্যূন পঞ্চাশ বছৰ কাল বঙালী বা অইন কোনো ভাষাই আমাৰ সাহিত্যগত উন্নতিত কোনো বাধা দিয়া নাই বৰং পৰোক্ষ ভাবে সহায়হে কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰ, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, মাইকেল মধুসূদন, শৰৎচন্দ্ৰ চট্টোপাধ্যায়, দ্বিজেন্দ্ৰলাল ৰায় শিক্ষিত অসমীয়াৰ পক্ষে অপৰিচিত নহয়। তেওঁলোকৰ লিখনীয়ে অসমীয়া লিখক, কবি, নাট্যকাৰ, সাহিত্যিক সকলক বিজাতৰিয়া কৰা নাই বৰং জাতীয়তাত উদ্বুদ্ধ হবলৈ সহায়হে কৰিছে। বিদ্যাপতি বা চণ্ডীদাসকে৷ আমাৰ পৰ যেন নালাগে। অন্তৰৰ ভাষা যেয়ে কয় তাকে জানো আমাৰ আপোন যেন নালাগে? ইংৰাজ কবি, নাট্যকাৰ সকলে ভাৰতীয় বৰ্ত্তমান সাহিত্যলৈ প্ৰেৰণা যোগোৱা নাইনে? গুণগ্ৰাহীতা বা কৃষ্টিগ্ৰাহীতা বৰ্দ্ধিষ্ণু লিখক সকলৰ লক্ষণ। মৈথিলী বা ব্ৰজবুলি ভাষাৰ পৰা অসমীয়া ভাষালৈ মহাৰুপুষ সকলে যি সম্পদ আনিছিল তাকে আমি নিজৰ কৰি লোৱা নাই নে? “তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ”—এনেবোৰ ভাষা বা কথা আমাৰ হাৰে হিমজুৱে সোমাই যোৱা নাই নে? মোৰ মনেৰে মূল্যৱান সম্পদ যি সাহিত্যতে নাথাকক, তাকে আমি নিজৰ কৰি লৈ, নিজ কৃষ্টি আৰু সমাজক ভেটি কৰি লৈ আগবঢ়াই সুবিবেচক সাহিত্যিক সকলৰ কাম হব। যি সকলে ভাষাত বিদেশী ঠাচ বা ভঙ্গী সুমুৱায়, মোৰ মনেৰে তাৰ দ্বাৰা তেওঁলোকে নিজৰ ভাষাক আংশিক ভাৱে পঙ্গুঁ কৰে। স্বৰ্গীয় সত্যনাথ বৰা ডাঙৰীয়াৰ কথা এইখিনিতে মনলৈ আহে। তেখেত আছিল নিভাঁজ অসমীয়া ভাষাৰ ব্যৱহাৰৰ পৰিপোষক। আজিকালি আমি ন লিখাৰুৰ লিখনীত পাওঁ ‘কাষে পাজৰে’ৰ ঠাইভ ‘আশেপাশে’, ‘চেঁচা’ৰ ঠাইভ ‘ঠাণ্ডা’, ‘তপত’ৰ ঠাইত ‘গৰম', ‘একো ক্ষতি নহয়’ৰ ঠাইত ‘আহি নাযায়।’ অকল ভাষা বুলিয়েই নহয় ভাবৰ ঠাইতো বহুত ক্ষণভঙ্গুঁৰ ভাব নতুন লেখক সকলে সাহিত্যত দিবলৈ চেষ্টা কৰিছে। এইবোৰ বিচাৰৰ ভাৰ সাহিত্যিকসকলৰ। ভাৰতীয় সংবিধানত অসমীয়া ভাষাই মৌলিক ভাষাৰ ঠাই পাইছে, ইয়াক কোনোৱে হঠাতে মচি আঁতৰাব নোৱাৰে।