পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ৪ ]

বিষয়ত অৱশ্যে এতিয়াও আশা সঞ্জীৱিত হোৱা নাই, ভাষ্কৰ্য্য সম্বন্ধে। সঙ্গীতৰো উন্নতি সাধনৰ বাটত কিছু পৰিমানে চেষ্টা চলিছে কিন্তু ভাষ্কৰ্য্য চিৰকাললৈ গ'ল গৈ নেকি? যি দেশত উত্তুঙ্গ শিৱদৌল নিৰ্ম্মিত হৈছিল তাৰ খহি পৰা কলচি লগাবলৈ বাহিৰৰ পৰা বিশেষজ্ঞ অনোৱাৰ কথা শুনিছিলোঁ। দেৱতাৰ দোলা বা আসন গঢ়া শিল্পী সকল কলৈ গল? হেঙুল হাইতালৰ চিত্ৰণ সমূলি নোহোৱা হল গোমচেঙ, কিঙ্খাপৰে নিচিনা।

 পণ্ডিত্ব আবাসভূমি এই দেশ দূৰ অতীতৰ পৰা। মহাৰাজাধিৰাজ ৰত্নপাল বৰ্ম্মাদেৱৰ তামৰ ফলিত লিখা আছে যে, “নগৰত উত্তম প্ৰাগজ্যোতিষ, বিদ্বান সকলেৰে সুশোভিত, ধাৰ্ম্মিক পণ্ডিত আৰু কবি সকলেৰে সুৰঞ্জিত। তেওঁলোকক দেখিলে ধাৰণা হয় যেন আকাশত বুধ, বৃহষ্পতি, শুক্ৰ আদি গ্ৰহৰ থূলহে।” দূৰ অতীতলৈ যাবই নালাগে, এই দেশৰ গৌৰৱ আৰু শিক্ষা আদিব চৰ্চ্চা আজিও ম্লান হোৱা নাই। শ্ৰীচন্দ্ৰভাৰতীৰ পৰা পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱালৈকে সিদিনৰ পণ্ডিত সকলৰ কথা কোনে নাজানে? আনকি অসমীয়া ভাষাৰ গুৰি ধৰোঁতা আনন্দৰাম ঢেকিয়ালফুকন, হেমচন্দ্ৰ বৰুৱা আদিও ইয়াতে কালাতিপাত কৰে। এতিয়াৰ বৰ্ত্তমান অসমীয়া কবি সকলৰ ভিতৰত শ্ৰীৰঘুনাথ চৌধুৰী, শ্ৰীঅম্বিকাগিৰি ৰায়চৌধুৰী, আৰু শ্ৰীযুতা নলিনীবালা দেৱীৰ নাম অম্লান জ্যোতিৰে অসমীয়া সাহিত্যত চিৰন্তন হৈ জিলিকি থাকিব। স্বৰ্গীয় ভাষাবিদ ডাঃ বাণীকান্ত কাকতি, পুৰাতত্ত্ববিদ ডাঃ সূৰ্য্যকুমাৰ ভূঞা, স্বৰ্গীয় কবি আৰু সাহিত্যিক হেমচন্দ্ৰ গোস্বামী দেৱৰ কৰ্ম্মভূমিও এই গুৱাহাটী নগৰেই। আমাৰ নব-প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ জৰিয়তে অকল সাহিত্য আৰু কৃষ্টিৰ উন্নতিয়ে কামনা কৰা নাই, জ্ঞান-বিজ্ঞানৰ প্ৰভাৱতো প্ৰাগজ্যোতিষৰ পুৰণি গৌৰব ঘূৰি আহিব বুলি আশা কৰোঁ।

 বুৰঞ্জী বা ঐতিহ্যৰ কথা এৰি দি বৰ্ত্তমান সমস্যালৈ আহোঁ! বহুভদিন আমি অসমীয়া সকলে আসোঁৱাহ বা আপত্তি জনাই আহিছিলোঁ যে বিদেশী শাসনকৰ্ত্তা সকলে আমাৰ স্থানীয় অসমীয়া ভাষা নেওচি পশ্চিমত চলি থকা বঙলা ভাষা আনি আমাৰ ওপৰত জাপি দিছিল আৰু সেয়ে অসমীয়া ভাষাৰ উন্নতিত বাধা পৰিছিল। মোৰ মতেৰে এই কথাষাৰ