পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৮ )

ৰাতি পুৱা কিয় শোৱাঁ
বেয়া এলে হুয়া হোৱা
উঠি বহাঁ কাপোৰ লোৱাঁ
মুখ ধোৱাঁ উঠি যোৱাঁ
অলপ ফুৰি এলাহ এৰি
পুথি ফলি লোৱাঁ মেলি
নিজর পাঠত মন দিবা
তেহে ওজাৰ মৰম পাবা
নতুন পাঠ আগে লোৱাঁ
আগৰ পাঠ এবাৰ চোৱাঁ
লিখি পঢ়ি গা ধুবাঁ
নিকা কাপোৰ গাত লবাঁ
খাই বৈ পুথি লৈ
পঢ়া শালি যাবাঁ গৈ

 

বেলি হল। পঢ়িবলৈ ওলোৱাঁ৷ পলম নকৰিবাঁ। কাপোৰ শলোৱাঁ৷ ফলি পুথি লোৱাঁ। পঢ়াশালিলৈ বলাঁ৷ পলম হলে ওজাদেৱে খং কৰিব৷