পৃষ্ঠা:আদিচৰিত.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
আদি চৰিত

গুৰু অৱহেলাতে কমলা মৰি গৈলা।
তথাপি কমলাবাৰী গুৰু নাম থৈলা।
এহি থানে সন্ত মই পাতিবোঁ পাচত।
কমলাৰ নামে ধান পাতিলোঁ সাম্প্ৰত॥ ৯৩৫
এহিমতে তৈতে গুৰু থান পাতিলেক।
নামঘৰ পদশিলা তৈতে থাপিলেক।
সন্ত নাই থানে নৱজন ভক্ত থৈলা।
গুৰুৱে ভক্তক চাই বচন বুলিলা।
শঙ্কৰ বদতি ঐতে থাকা ভক্তগণ।
এহি থানে কি কৰা কৃষ্ণৰ কীৰ্ত্তন।
পাচে সন্ত পাইবা লাগ এহিসে পানত।
এহি বুলি তাসম্বাক থৈয়া সিথানত।
নৌকা মেলি গুৰু তৈৰ হন্তে অন্তৰিলা।
কতিপয় দিনে গৈয়া বৰদোৱা পাইলা॥৯৪০
সপ্ত বৈকুণ্ঠৰ শক্তি বৰদোৱা পান।
তথাতে ৰহিলা সবে কৰিয়া কীৰ্ত্তন।
যৈতে আসি গুৰুজন ভৈলা অৱতাৰ।
অন্য ভূমি কোন সম হৈবে বৰদোৱাৰ।
সত্ৰখান চক্ৰ আদি মত অস্ত্ৰচয়।
চাৰি ৰূপে চাৰি বস্তু আসিয়া আছয়।
কদম্ব, শিলিখা, বেল, আৰু বৃক্ষ আম।
এই চাৰি বৃক্ষ চাৰি দিশে ভৈল ধাম।