পৃষ্ঠা:আদিচৰিত.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
আদি চৰিত

ভাৰ্য্যা পুত্ৰ ইষ্ট মিত্ৰ সবাতো কহিলা।
যেন মতে শঙ্কৰে তাহাঙ্ক এৰি গৈলা।
অনিৰূদ্ধে সাৱশেষে কথা কহিলন্ত।
হেন শুনি সৰ্ব্বজনে বচন বোলন্ত।
অনিৰূদ্ধ পক্ষ লোক যতেক আছিল।
শঙ্কৰত বৈৰ মানি উপায় সাঞ্চিল।
নথাকোঁহোঁ ইটো থানে শঙ্কৰ লগত।
এহি বুলি দুষ্টগণে কৰিলে শপত।
উজনিক যাওঁ সবে চলা বন্ধুগণ।
এহি বুলি যাইবে সাজ ভৈলা সৰ্ব্বজন॥ ৮২•
বৰ বৰ নৌকা সব আনিলা তেখনে।
তাতে ভৰা দিলা বস্তু যত আছে মানে।
গো, বংশ, ছাগল, হংস,আনো দ্ৰব্য যত।
গৃহ আদি কৰি সবে তুলিলা নৌকাত।
শঙ্কৰৰ বৈৰ লোক তৈতে যত ছিলা।
অনিৰূদ্ধ লগে সৰ্ব্বজন চলি গৈলা।
ৰাজাত সংশয় কৰি দিবা নগৈলেক।
ৰাতি ভাগে নৌকা মেলি উজানে গৈলেক।
পুত্ৰ ভাৰ্য্যা সকুটুম্ব লগে চলিলেক।
ৰামপুৰ এৰি সবে সৌমাৰে গৈলেক॥ ৮২৫
লোহিতত মেলি নৌকা উজাই গৈলেক।
কতো দিন মানে গৈয়া সৌমাৰ পাইলেক।