পৃষ্ঠা:আদিচৰিত.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
আদি চৰিত

মাধৱ বদতি শুনা সন্ত নিৰন্তৰ।
অনন্তৰে যেন কথা সুধিলা শঙ্কৰ॥৭৫০
সবাকো চাহিয়া গুৰু বুলিলা বচন।
মোহোৰ কথাক শুনা সবা ভক্তগণ।
কোনে অযুতত এহি বচন বুলিলা?
বিষ্ণু ভক্ত হুয়া কেন মেঘক প্ৰাৰ্থিলা।
দেৱ ভক্ত মোৰ সঙ্গে যাইবে যোগ্য নুই।
এহি বুলি গুৰু কথা সবাতে সোধয়।
শুনিয়া আছন্ত ভক্তগণ নিৰন্তৰ।
প্ৰণাম কৰিয়া কৈলা বিপ্ৰ দামোদৰ।
দামোদৰে বোলে গুৰু শুনিয়ো বচন।
তজু বংশে জন্ম অনিৰুদ্ধ মহাজন॥৭৫৫
তেহুঁ বুলিলেক ইতো অযুগুত বাণী।
বুজি চাই প্ৰভু যুক্ত কৰিয়ো আপুনি।
হেন শুনি গুৰুৰ মনত ভৈলা ক্ৰোধ।
ওচৰক মাতি আনি সন্ত অনিৰূদ্ধ।
শঙ্কৰ বদতি অনিৰূদ্ধ শুনা তুমি।
একেলগে আছিলোঁ নৌকাত তুমি আমি।
কি কাৰণে দেৱ তুতি কৰিলা আপুনি?
হেন শুনি অনিৰূদ্ধে গৰ্ব্বে বোলে বাণী।
মই দেৱ তুতি কৈলোঁ কিহৈল তোমাৰ।
ইচ্ছামতে তুতি কৈলোঁ জানিবা শঙ্কৰ॥ ৭৬০