পৃষ্ঠা:আদিচৰিত.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
আদি চৰিত

হেন শুনি অনিৰূদ্ধ  গৃহ মধ্যে যেন বদ্ধ
 ক্ৰুদ্ধ মনে বুলিলা আমাক।
নাই নিয়া শাস্ত্ৰ মই  অনিৰূদ্ধ দেহ তই
 সৰ্ব্বজনে বোলা এহি বাক।
কৈৰ হন্তে মই আনি  দিবোঁ শাস্ত্ৰ ধাতুখানি
 নিচয়ে কহিলোঁ নিয়া নাই।
নুসুধিবা আৰ কথা  ঢুকালেক শাস্ত্ৰ এথা
 আৰ সোধা প্ৰয়োজন নাই।
এহি বাক্য বাধা কৰি  শ্ৰীমন্ত শঙ্কৰ হৰি
 মৌন ভাবে থাকিলা ঈশ্বৰ।
মহা মন দুখে আতি  বঞ্চিলেক সিটো ৰাতি
 প্ৰভাততে উঠিলা শঙ্কৰ ॥৭২০
স্নান ভোজন কৰি  ভক্তগণ সঙ্গ কাৰ
 কামৰূপ হন্তে চলি গৈলা।
বৰদোৱা গ্ৰাম পাইলা  দিন কতিপয় গৈলা
 ভক্ত সমে আনন্দে ৰহিলা।
শুনা সবে সন্তলোক  কলিত সদগতি হোক
 শঙ্কৰক ভজি কৰা সাৰ।
চৌৰাশী নৰক হন্তে  আনো পাপ পৰ্য্য়ন্তে
 নামে পাৰে কৰিতে উদ্ধাৰ।
হেন জানি সৰ্ব্বজনে  নামক নেৰিবা মনে
 নাম সম বন্ধু নাহি আন।