পৃষ্ঠা:আদিচৰিত.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
আদি চৰিত

শঙ্কৰে দেখিলা পাচে শূন্য জপাগোট আছে
 কল্পতৰু শাস্ত্ৰখান নাই।
অনিৰূদ্ধ মহন্তক   গুৰু কথা সুধিলন্ত
 জপা মেলি কোনে শাস্ত্ৰ নিলা?
অনিৰূদ্ধে হেন শুনি  শঙ্কৰক বোলে বাণী
 নজানোহোঁ কোনে শাস্ত্ৰ নিলা।
মই শাস্ত্ৰ নিয়া নাই   স্বৰূপ কহিলোঁ মই
 এহি বুলি অনিৰূদ্ধ ৰৈলা।
হেন শুনি শঙ্কৰৰ   শোক ভৈলা অতি বৰ
 তাক পুনু নমাতিয়া ৰৈলা।
মনত জানিলা গুৰু   ভকতৰ কল্পতৰু
 শাস্ত্ৰখান অনিৰূদ্ধে নিলা।
শাস্ত্ৰ পাই মোহ ভৈলা মোত মিছা কথা কৈলা
 কিন্তু সেহি শাস্ত্ৰকেসে পাইলা॥৭১৫
মোক নপাইবেক আৰ   স্বৰূপে কহিলোঁ সাৰ
 অনিৰূদ্ধ পোৰাৰ কুমাৰ।
এহি বুলি নিজ গুৰু  ভকতৰ কল্পতৰু
 মন দুখে ৰহিল শঙ্কৰ।
সেহি বেলা আমি যত   অনিৰূদ্ধ মহন্তক
 গাৱে গাৱে বুলিলা বচন।
শুনা ভূঞা পুত্ৰ আবে তোমাক বোলোহোঁ সবে
 কল্পতৰু দিয়া শাস্ত্ৰখান।