পৃষ্ঠা:আদিচৰিত.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
আদি চৰিত

এহি মতে দুইজন দুই থানে আছে।
শুনিয়োক ৰাজা যেন কথা ভৈলা পাছে।
ৰাজা মৰিবাৰ বাৰ্ত্তা লোহিতে শুনিলা।
ৰত্নপুৰ নগৰক তীৰ্থৰাজা গৈলা।
শহুৰৰ পুৰি গৈয়া দেখিলেক পাচে।
অসংখ্যাত ৰত্ন সব প্ৰকাশন্তে আছে।
বলুকা পেলায়া ৰত্ন নগৰ পুতিলা।
নগৰৰ দুই কাষে ব্ৰহ্মপুত্ৰ গৈলা।
অদ্যাপিয়ো দুই কাষে লোহিত বহয়।
সিকাৰণে ৰত্নপুৰ মাজুলি বোলয়॥ ৫৬০
ৰত্নপুৰ নগৰক লোহিতে পুতিলা।
বিশ্বনাথ নগৰকো পুতিবাক গৈলা।
দেখন্ত দ্বাৰত আছে শিৱ বিশ্বম্ভব।
কাৰ সাধ্য শিৱ সমে পুতিব নগৰ।
হেন দেখি সচকিত লোহিত ভৈলেক।
বিশ্বনাথ নগৰক নুপুতি থৈলেক।
মনত বোলন্ত শিৱ আছে এহি ঠাই।
নগৰ পুতিলে শিৱ সমে পোতা যায়।
সিকাৰণে নগৰ নুপুতি ৰাখা ভাল।
নগৰ পুতিলে শিৱে পাতিবে জঞ্জাল॥৫৬৫
এহি ভাবি ব্ৰহ্মপুত্ৰ মহা ভয় ভৈলা।
নগৰ নুপুতি নিজ থানে চলি গৈলা।