পৃষ্ঠা:আদিচৰিত.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোহোক নমানে সৱে দুৰ্জ্জন অসতী।
ভূঞা বুলি দম্ভ কৰে কিনো ক্ৰুৰ মতি।
পূৰ্ব্বতে আমাৰ সতে যুদ্ধ কৰিছিলা।
মোহোৰ লগৰ বহু সৈন্যক মাৰিলা।
দেৱী বাক্যে দণ্ড নকৰিলো আৰবাৰ।
তথাপিতো মোক নকৰিলা নমস্কাৰ॥৩৬০
অনেক প্ৰকাৰে নোৱাৰিলোঁ বৰাইবাক।
হেন জানি ৰাখিবাক নলাগে ভূঞাক॥
জগত জননী মাতা গুণে অনুপম।
সদীয়াত ভগৱতী শ্যামাকালী নাম।
তাতে বলি দিয়া নিয়া ভূঞাসকলক।
খড়গ ধৰি বলি কাটি দিয়া সমস্তক।
শীঘ্ৰে বলি দিয়া নিয়া গোসানীৰ ঠাই।
দুৰ্জ্জন ভূঞাৰ জানা এহিসে উপায়।
এহি আজ্ঞা কৰিলন্ত সৌমাৰ নৃপতি।
ভূঞাগণ লৈয়া দূত গৈলা শীঘ্ৰ গতি॥ ৩৬৫
সদীয়া পাইলন্ত গৈয়া কতিপয় দিন।
ভূঞাক ৰাখিলা নিয়া গোসানীৰ খান।
অধিবাস কৰাই বলি স্নানক কৰায়।
গোসানীৰ আগে বলি উচৰ্গিলা নিয়া।
বিধিৱতে উচৰ্গি দিলে বলিগণ।
কৃতাঞ্জলি হয় দূতে বুলিলা বচন।