পৃষ্ঠা:আদিচৰিত.djvu/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 এই পুৰণি পুথিখনি পোহৰলৈ উলিওৱা হল। ইয়াত যে খুঁত থাকিল তাক নকলেও হয়। সজ পাত্ৰৰ হাতত পৰা হলে অৱশ্যে সেইবোৰৰ বহুতো কমিলহেতেন, তাক আমি নুই নকৰোঁ। ৰিজাবলৈ দ্বিতীয় পুথি এখনি বিচাৰি পোৱা নহল; গতিকে দেশ কালৰ গতিলৈ চাই আমি ইয়াক “যথা দৃষ্টং তথা লিখিতং” কৰি থোৱা হৈছে। সাধুসকলে আমাৰ সেইফেৰা দোষ মৰষিব বুলি আশা কৰিলোঁ।

 আজিকালি উঠি-অহাসকলে বাপোতিসাহোনলৈ মুখ মেলি নাথাকে; কাৰণ, তেওঁলোকে নিজে আৰ্জ্জা ধনেৰে চহকী। প্ৰকাৰান্তৰে আমাক অলপ অৰ্থ অপব্যয়ৰ দোষে চুৱা বুলি যে তেওঁলোকে কব সেই কথাৰ গম পাইও সেই দোষ কৰা হল; কিয়নো কিৰ্পিণে হাজাৰ গঞ্জনা সহিও নাতিপুতিলৈ বুলি ধন পুতি থয়। সম্প্ৰতি আলোচনীৰ সভ্য এজনকে সেই দোষে চুইছে বুলি অনুমান হয়। তেওঁ লাগি-ছাটি নধৰা হলে কিজানি এই দোষ কৰিবলৈ সাহ নহলহেতেন। সেই দেখি এই ছেগতে তেওঁৰো শলাগ লৈ হোৱা হল।

 পুথি সম্বন্ধে আমাৰ বহুতো মন্তব্য আছে। ইয়াজ তাৰ বকলা মেলি ৰাইজৰ মূৰ কামোৰণি তুলিবৰ মন নাই;