পৃষ্ঠা:আত্ম-পৰিচয়.djvu/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Rady আত্ম-পরিচয়। মায়াৰ পৰা ওপজা চৈত্যৰ পৰাই আকাশাদি পঞ্চভূতৰ জন্ম হয় আৰু এই পঞ্চভূতৰ পৰাই ব্ৰহ্মাণ্ড ও জীৱদেহ উৎপন্ন হয় । পিতৃ- মাতৃৰ ভূক্ত অন্নৰ পৰাই এই ষটকোষ বিশিষ্ট শৰীৰৰ উৎপত্তি হয়। তাৰ ভিতৰত স্নায়ু, অস্থি ও মজ। এই কেইটি পিতৃৰ পৰা ; ত্বক, মাংস ও ৰক্ত মাকৰ পৰা উৎপন্ন হয়। এই শৰীৰ সম্বন্ধে মাতৃজ, পিতৃজ, বসজ, সত্ত্বসম্ভূত আৰু আত্মজ এই ছয়বিধ ভাব আছে ভিতৰত তেজ, মেদ ( হাড়ৰ ভিতৰত থকা মগজ ) মজ্জা ( সাযুক্ত মগজ ) প্লীহা, যকং, গুহ্য, বুকু, নাভি এই কেইবিধ মৃদু (কমল) পদার্থ- ৰাশি মাতৃজ ভাব আৰু শ্মশ্রু ( ডাঢ়ি, গোঁফ ) লোম, কেশ, স্নায়ু,

তাৰ শিবা, মনী (নাড়ী) নখ, দন্ত, শুরু এই কেইবিধ পিতৃজ ভাব। জন্মৰ সময়ত শৰীৰৰ স্থূলতা বৰ্ণ ক্ৰমে শৰীৰ বুদ্ধি অবয়ব উদাৰ- ভাবাপন্ন, উৎসাহ, তৃপ্তি, বল এই কেইবিধ ৰসঙ্গ অর্থাৎ সপ্ত ধাতুৰ ধাতুজ ভাব; আকৌ ইচ্ছা, দ্বেষ, সুখ, দুঃখ, ধৰ্ম্ম, অধর্ম্ম, ভাবনা, প্রবর্তনীয়, জ্ঞান, আয়ু ও ইন্দ্রিয় এই কেইবিধ আত্মজ, অর্থাৎ প্ৰাবন্ধ কৰ্ম্মৰ ভাৰ । ইন্দ্রিয় দুবিধ, জ্ঞানেন্দ্রিয় আৰু কৰ্ম্মেন্দ্রিয় । তাৰ ভিতৰত আকৌ উভয়ৰে দুই প্ৰকাৰ আছে, যেনে—চক্ষু, কর্ণ, নাসিকা, জিহ্বা, ত্বক এই পাচোটি মূল জ্ঞানেন্দ্ৰিয় আৰু ৰূপ, ৰস, শব্দ, স্পর্শ ও গন্ধ এই পাচোটি গ্রাহ্য বিষয় জ্ঞানেন্দ্রিয়। বাক্য, হাত, ভৰি, পায়ু ( মলদ্বাৰ ) ও উপস্থ (লিঙ্গ) এই পাচোটি স্বাভাৱিক কৰ্ম্মেন্দ্ৰিয় আৰু কথন, গ্রহণ, গমন, মলত্যাগ আকৌ মৰণ এই পাঁচোটি কৰ্ম্মেন্দ্ৰিয়ৰ ক্ৰিয়া। মন জ্ঞানেন্দ্রিয় আৰু কৰ্ম্মেন্দ্রিয় উভয়ৰ ভিতৰতে অর্থাৎ উভয়ৰে স্বৰূপ ৷ পিতৃভ্যামণিতদন্নাৎ ষষ্টকোষং জায়তে বপু । দেহ-তত্ত্ব। C আন প্ৰকাৰে মন, বুদ্ধি, অহঙ্কাৰ এই কেইটিক অন্তৰেন্দ্ৰিয় ( অন্তঃকৰণ ) বোলে। সুখ-দুঃখ এই দুইটি মনৰ বিষয় আৰু স্মৃতি, ভয় ও সঙ্কল্প বিকল্লাদি মনৰ ক্ৰিয়া আকৌ নিশ্চয়াত্মিকা বৃত্তিক বুদ্ধি, অহং, মম ( মায়া ) এইবোৰ বৃত্তিক অহঙ্কাৰ আৰু অতীত বিষয়ৰ স্মৰণাত্মক বৃত্তিক চিত্ত বুলি জনা উচিত। অন্তঃকৰণ সত্ত্ব, রজ ও তমোগুণ ভেদে তিনি প্ৰকাৰ। গতিকে, পূর্ব্বোক্ত সহজ ভারতও তিনি বিধ । তাৰ ভিতৰত আস্তিক্য শুদ্ধ ভাবাপন্ন আৰু ঘাই ৰূপে ধৰ্ম্ম বিষয়ে ইচ্ছা ইত্যাদি সাত্ত্বিক অন্তঃকৰণৰ উদ্ভৱ হয়। কাম, ক্রোধ, লোভ আৰু মোহাদি ৰজোগুণৰ পৰা উৎপন্ন হয়; ইয়াৰ ৰজস-সত্ত্বজ ভাব। নিদ্রা, আলস্থ, অনবধানতা আৰু বঞ্চনা প্রভৃতি তমোগুণৰ পৰা উৎপন্ন হয় : ইয়াত তামস সত্বজ ভাব। এই দেহৰ উপাদান পঞ্চভূত। অতএব প্রত্যেক ভূতৰে গুণ দেহে গ্ৰহণ কৰি থাকে। * যথা—এই স্থূলদেহ আকাশৰ পৰা শব্দ ; শ্রবনেন্দ্রিয় (কর্ণ) বক্তত্ব ( কথা কোৱাশক্তি ) কৰ্ম্মকুশলতা, লঘুত্ব, ধৈর্য্য আৰু বল এই সাত প্ৰকাৰ গুণ গ্ৰহণ কৰে । বায়ুৰ নাম, গুণ, স্থিতি ও প্ৰকাৰ । বায়ুৰ পৰা স্পর্শ, ত্বগিন্দ্রিয়, উৎক্ষেপণ ( উপৰদিকে ফেলন ), অবক্ষেপণ ( তলৰ পিনে ফেলন ), আকুঞ্চন ( বেঁকা বা কোঁকৰা ), গমন, প্ৰসাৰণ ( বিস্তাৰকৰণ ), কর্কশতা (কঠিন বা নির্দয় ), আকৌ প্রাণ ( নিশ্বাস বা হৃদয়স্থ বায়ু), অপান (মলদ্বার), সমান ( নাভিহিত বায়ু), উদান ( আণ্ঠ স্থিত বায়ু), ধ্যান ( যোগ বা সমাধি ), নাগ (উগাৰ বায়ু ), কুৰ্ম্ম ( প্রশ্বাস), কুকল ( অন্তঃকৰণতঃ থকা বায়ু ), দেৱদত্ত ( প্ৰাণবায়ু ) আৰু ধনঞ্জয় ( যি বায়ুৱে শৰীৰৰ পুষ্টি সাধন

দেহোমাত্ৰাত্মক স্তস্মাদাদস্তে তদ্‌গুণানিমান্ ।