পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৬)

চিপাহী এটাই মনে মনে গৈ আমাৰ কথা বতৰা শুনি দাৰোগাজনৰ আগত কোৱাত তেওঁ তৎক্ষণাৎ বাটবোৰত পহৰা দিবলৈ চিপাহী পঠালে। মই ঘূৰি গৈ কুলিকেইটা ৰাতিয়েই বাগানৰ পৰা ওলাই যাবলৈ কলো। সিহঁতে কান্দি কাতি হাবি বাটত কলৈ যাম কি কৰিম বোলাত মোৰ কুঁহিয়াৰ বাৰী ৰখা চকিদাৰটো লগত পথাই দিলো। মোৰ চকিদাৰটো লগত দি গৰম পানীৰ ফালে যোৱা বাটেদি পঠাই দিলো। মোৰ চকিদাৰটো বাটৰ পৰা উভতি নাহি কুলিকেইটাৰ কথাতে ভোল গৈ গৰমপানীত চাহ খাবলৈ ধৰোতে পুলিছে ধৰি নি থানাত হাজিৰ কৰি মেজিষ্ট্ৰেটৰ ওচৰত জবান বন্দী দিয়ালে। মোলৈ ৱাৰেণ্ট জাৰি হল। মই খবৰ পাই কাছাৰীলৈ গৈছিলো। ব্ৰহ্মানন্দ উকিলে ৱাৰেণ্ট জাৰি হৈছে বোলাত ততালিকে গুচি আহিলো। পাচদিন পুলিছ আহি মোৰ ৫০০৲ টকাৰ জামিন লৈ গলহি। মকদ্দমাৰ দিনা কুলিকেইটাৰ জবানবন্দী মতে মই সম্পূৰ্ণ দোষী সাব্যস্ত হৈছিলো। মোৰ পক্ষে ব্ৰহ্মানন্দ দত্ত আৰু দুজন উকিল থকা স্বত্বেও যোৰহাটৰ শ্ৰীযুত কুলধৰ চলিহাক উকীল ধৰিছিলো। কেইবাটাও বাৰতো মকৰ্দ্দমা চলি আছিল। বৰকাঠনি বাগানৰ ছাহাবে বাৰে বাৰে আহি মিচিলত বহি সাক্ষীৰ জবানবন্দী শুনি আছিল। শেষৰ বাৰ মোৰ উকীলে সাক্ষীক জেৰা কৰোতে সিহঁতে নিজে পলাই আহি ইটাখলিত থকা কথা কলে। তাৰ পৰা মোৰ বাগানলৈ গৈ নিজ খুচিমতে ভণীয়েকক বিয়া দিয়া কথা কলে আৰু “খুছি মতে লাইনত আছিলো” বুলি কলে। সেইদিনা দৈবাৎ