(৭৫)
ছোৱালী নাই বুলি বাপেকক কলে। সেইদিনা ময়ো কাছাৰিলৈ গৈছিলো। সি কাছাৰীৰ পৰা ওলাই আহি মোক লগ পাই কলে যে, সেই বাগানত তাৰো থাকিবৰ মন নাই। লৰা ছোৱালী যত আছে, সিও তাতেহে থাকিবৰ মন। তাৰ কথাত বিশ্বাস কৰি মই স্বীকাৰ কৰিলো। তাৰ কথাত তেতিয়া মই তাৰ লৰা ছোৱালী গতাই দি “ইচ্ছা হলে লৈ যাব পাৰ” বোলাত সি নিনি কলে “মই সিহঁতক নেদেখি বেজাৰতহে বিচাৰি ফুৰিছো। ইয়াত আছে যেতিয়া ময়ো আহিম। মোৰ মানুহ কেইটামান আছে আপোনাৰ চকিদাৰ এটা দিয়ক তাৰ লগত সিহঁতক পঠাই পাছত মই আহিম।” তেতিয়া তাৰ লগত চকিদাৰ এটা পঠালো। তাক কিন্তু লাইনলৈ যাবলৈ মানা কৰিছিলো। সেই কুলিটোৱে তাক ফুচুলাই লাইনলৈ নি ছাহাবক ধৰাই দিলে, ছাহাবে তৎক্ষণাৎ পুলিছত দিয়েগৈ আৰু মেজিষ্ট্ৰেটক আদ্যোপান্ত কথা কলে। মেজিষ্ট্ৰেটে ৱাৰেণ্ট সহ এজন দাৰোগা আৰু চাৰিটা চিপাহী পঠালে। চকিদাৰীত যোৱা কুলটো পুলিছৰ হাতৰপৰা পলাই আহি ৰাতি ১০/১১ মান বজাত বাগান পাই সকলো কথা কলেহি। তেতিয়া মই সেই পলৰীয়া কুলিকেইটাক পুনৰ মিকিৰ চাঙ্গলৈ পঠাই দিলো। পুলিছ আহি গোটেই লাইন হাবি বননী খানাতলাছ কৰি নেপাই উভতি দৈগোৰোঙ্গৰ কেৰেণীৰ ঘৰত থাকিলগৈ। ময়ো দৈগোৰঙ্গৰ কেৰাণীৰ লগত পৰামৰ্শ কৰিবলৈ আহি গিৰধাৰী কেঞাৰ ঘৰত লগ হলো। তেওঁৰ আগত সচা কথা কৈ পৰামৰ্শ কৰাত তেওঁ কুলিকেইটা খেদাই দিবলৈ কলে।