পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৪)

দিয়াইছিল। কুহিয়াৰবাৰীৰ ওচৰৰ মাটি এটুকুৰা মই লোৱাত ৺হৰকান্তৰ ৱাৰিশসকলে তেওঁলোকৰ মাটি মোক নিদি ছাহাবক দিছিল। ঈশ্বৰেহে ঘূৰাই মোক দিয়ালে।

 এবাৰ বৰকাঠনি বাগিচাৰ পৰা ৪টা কুলি পলাই আহি শালমৰাৰ নুনীয়া ঠিকাদাৰ এটাৰ ইটাখলিত কাম কৰি আছিলহি। মোৰ চকিদাৰ এটা গোলাঘাটৰ পৰা আহোঁতে তাৰ লগে লগে আহি মোৰ বাগান ওলালহি। মই সোধাত বৰকাঠনিৰ ওচৰৰ ফালটু কুলি বুলি কলে। “তাত আমি ছাহাবৰ পৰা কষ্ট পাওঁ, আই বোপাই দুয়ো ছদ্দাৰ হৈ গৈছে। ঘূৰি আহিলে তেওঁলোকো ইয়ালৈ আহিব। বাগানৰ লগত কোনো লেনদেন নাই” বুলি কোৱাত মই সিহঁতক থাকিব পাৰ বুলি ৰখালো। ছমাহমানৰ পাছত সিহঁতৰ ছোৱালী এজনী লাইনৰ কুলি এটালৈ বিয়াও দিলে। বিয়াত মোৰ পৰা টকা হাওলাত লৈছিল। তাৰ ছমাহমান পাছত বাপেক মাক দেশৰ পৰা ঘূৰি আহি তাহাতক নাপাই বিচাৰ কৰিবলৈ ধৰিলে। অশেষত মোৰ বাগানত থকাৰ সন্ধান পাই বাগানৰ ছাহাবেৰে সৈতে কাচাৰীত দৰ্খাস্ত দিলে। মেজিষ্ট্ৰেটে নাবালক লৰা ছোৱালী হাল কাছাৰীত হাজিৰ কৰি দিবলৈ মোক নটীছ দিলে। মই নটীছ পাই সিহঁতক মতাই আনি কোৱাত সিহতে ছাহাবৰ শাস্তিৰ ভয়ত কান্দিবলৈ ধৰিলে। “তালৈ নেযাও” বুলি কাবৌ কোকালি কৰাত মহ লাইনৰ পৰা বাজ কৰি মিকিৰচাঙ্গত থাকিবলৈ কলো। মোৰ বাগানত সেই কুলি নাই বুলি মজিষ্ট্ৰেটক জানিবলৈ দিলো। মকৰ্দ্দমাৰ তাৰিখৰ দিনা মেজিষ্ট্ৰেটে সেই বাগানত তাৰ লৰা