পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৩)

 শ্ৰীৰোলা সিং পঞ্জাবীয়ে বাগানৰ পৰা ওলাই মোৰ কল ঘৰ বঙ্গলা আদি কৰি ইঞ্জিন বহুৱাই দিছিল। সি যেতিয়া ইটাৰ ভোটা মৰায়, তেতিয়া টকাৰ অভাবত পৰি মোক আঠ হেজাৰ টকা ধাৰলৈ বিচাৰিলে। মই বৈজু কেঞাৰ পৰা শতকৰা ২৲ দুটকা সুদত টকা লৈ দিলো। দুমাহ মানতে দিম বোলাত তাৰ পৰা কোনো ৰছিদ পত্ৰ লবলৈ নহল। দুবছৰৰ পাছত সুদ সহ ১২ হেজাৰ টকা দিলে। পাচশ টকা টকা মোৰ ভৰণী হব লগাত মকদ্দমা কৰিহে আদায় কৰিলো।

 মোক বাগান খোলা দেখি ওচৰৰ বাগিচাকিখনৰ ছাহাবসকলে বৰ হিংসা কৰিছিল। এনেকি মোক অহা যোৱা কৰিবলৈ বাট নিদি বন্ধ কৰিহে ৰাখিছিল। ঈশ্বৰে সিহঁতৰ বাগানৰ মাজেই পোন বাট দিয়াই সুবিধা কৰি দিলে।

 মোৰ বাগানৰ ওচৰতে হৰকান্ত কেৰাণী নামৰ বৰ চহকী মানুহ এজনৰ এখন কুঁহিয়াৰ বাৰী আছিল। তেওঁৰ ৩০/৪০ হেজাৰ টকা জমাই আছিল। পূব্বে সেই কহিয়াৰ বাৰীখনত কেইবাজনৰো ভাগ আছিল। তেওঁলোকৰ পৰা তেওঁ কিনি ললে। কিনাৰ দুবছৰ মানৰ পাছতে তেওঁ মৰিল। পিতেকে অতিপাতকৈ খৰচ কৰি টকাও ঢুকুৱালে; মানুহো মৰি গল। সেই মাটিডোখৰ মই লব খোজাত মোক নিদি শাওতলীৰ মিস্ত্ৰি ছাহাবক দিছিল। সেই ছাহাবজনৰ ভৰি নে হাত ভাগি কলিকতাত পৰি থাকোতে গোলাঘাটৰ উকিল এজনে বন্দবস্ত কৰি মোক দিয়ালে। সেই ছাহবজনে ১০ একৰ মানত চাহ লগাই পালেং