পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৬)

ধুৱাইছিল আৰু কোনোবাই কিবা খুৱাইছে বুলি দৰব খুৱাই দিয়াত পেটৰ পৰা নানা তৰহৰ বস্তু ওলাইছিল। সেইবোৰ ওলোৱাৰ পাছৰ পৰা মন মুকলি হৈ আহিবলৈ ধৰিলে। তাৰ ছমাহমান পাছত কন্যাকাল হল।

 পলাই ফুৰাত লাজ অপমান পাই ঘূৰাই আনিবৰ মোৰ মন নাছিল, বাপেক মাকে বহুত অনুনয় বিনয় কৰি কোৱাত আনিবলৈ মন কৰি বাগানতো দুটা ঘৰ সজাইছিলো; যদি ঘৰত পলায় বাগানত ৰাখিম। বাগানৰ পৰা পলালে একেবাৰেই ত্যাগ কৰিম। এবছৰৰ মূৰত মাকে জীয়েকক লৈ আহিল, লগত ভণীয়েকো আহিছিল। ঘৰ পায়েই শাহুয়েক আৰু মোক সেৱা সৎকাৰ কৰিলেহি। আইৰ পেটত ক্ৰোধ থকাত কোনো মাত বোল যে নকৰিলেই, বিয়নীয়েককো বঁহাহি বুলি নকলে। খোৱা-বোৱাৰ কোনো দিহাপোহা নকৰি গফোৱা গফিকৈ আতৰে আঁতৰে ফুৰা দেখি মই অনুনয় বিনয় কৰি বুজাই কোৱাত বৰ দুখেৰে আহি বিয়নীয়েকক ভিতৰলৈ মাতি নি পানীদুনী খুৱালেগৈ। কিন্তু ভালদৰে কথা বতৰা নহল।

 আইৰ গতি-গোত্ৰ দেখি দোকানত চাকৰ এটা ৰাখি পাচদিনাই বাগানৰ ঘৰলৈ তেওঁলোকক লৈ গলো। বায়েকৰ লগত ভণীয়েকক থৈ এসপ্তাহমানৰ পাছত মাক ঘৰলৈ গল। এতিয়া জীয়েকে শান্তিৰে থাকিবলৈ ললে। আগেয়ে যি জনী মানুহে মোক দেখি ভয়ত পলাই পত্ৰং দিছিল, এতিয়া সেইজনী মানুহে মোতে মন প্ৰাণ সপি থাকিবলৈ ধৰিলে। আইৰ মনত আগৰ আক্ষেপেই থাকিল।