(৬৪)
ৰাতি পুৱালত তেওঁ শুই উঠি আহোঁতেই দেখিলে। ইমান ৰাতিপুৱাই কৰ মানুহ অকলে গৈছে বুলি চাওঁতে চিনি পাই মাতি নি খুৱাই বুৱাই নানাৰকমে বুজাই মেলি দুপৰীয়া গাড়ীৰে আনি ঘৰত থলেহি। ইয়াত আমি বিচাৰি হাইৰাণ হৈ আছিলো।
এদিন দুপৰীয়া আমি খাই-বৈ জুৰাই থাকোতেই সাউৎ কৰে পাছ ফালে ওলাই ধলাগুৰিৰ ৰাস্তাই দি যাবলৈ ধৰিলে। বাটত মোৰ ঘৰত কাম কৰিবলৈ অহা মানুহ কেইটিমানে পাই আগছি ওভোটাই অনাতহে আমি গম পাওঁ। কেলেই পলাইছ বুলি কোনোবাই সুধিলে একো মাত-বোল নকৰে।
সেইদিনা ৰাতিলৈ আমাক ভাত পানী বাঢ়ি দিয়েই দৈগ্ৰোং বাগানৰ ফালে পলাই গল আমি ভাত খাই-বৈ উঠি ঘৰত নেদেখি বিচাৰি খলক লগাবলৈ ধৰিলো। দৈগোৰোঙ্গালৈ যোৱা পুৰণি বাটটোৱেদি গধূলি মানুহ অহা যোৱা কৰিবলৈকে ভয় কৰে, তাতে আকৌ বাৰিষাৰ বোকা পানী আৰু ঘোপমৰা এন্ধাৰ। তেনেস্থলত অকল সাৰী এখন পিন্ধিয়েই অকলে অকলে গৈ দৈগোৰোঙ্গৰ ঘাট পাৰ হলগৈ। তাত নাপিত এটি আছিল, সি চিনি পাই চকিদাৰৰ সৈতে তাতে ৰাখি ঘৰলৈ খবৰ দিলে। খবৰ পাই তেতিয়াই অনাগৈ হল।
পুনৰ পলাই বুলি সদাই বৰ সাৱধানে থাকো, চাকৰ নকৰবিলাককো চাই-চিতি থাকিবলৈ কওঁ, দুৱাৰ ঘৰো ভালকৈ বন্ধ কৰা হয়। তেনেস্থলত কোন পলকত সকলোৰে চকুত বালিমাৰি ঘৰৰ পৰা ওলাই যায় কোনেও তৰ্কিব