তেওঁৰ বংশ-পৰিয়াল বা কোনো মিটিৰ-কুটুম দেশতো নাছিল। অহম ৰজাৰ আমোলত বৰ সুখ্যাতিৰে ৰজাদিনৰ সুবাদাৰী কাম কৰিছিল। আইৰ বাহিৰে তেওঁলোকৰ কোনো সতি-সন্তান নাছিল। বুঢ়ী আইৰ বংশ-পৰিয়ালবিলাক মান-ভগনত কোন কলৈ গ’ল, কাৰো খোজ খবৰ নহল। তেওঁলোকৰ মৃত্যুৰ পাছত আই অকলসৰীয়া হৈ থাকোতেই পিতাই বিয়া নকৰোৱাকৈ আনিলে।
উক্ত সৈন্য বিভাগৰ ৰেজিমেণ্ট ডিব্ৰুগড়লৈ বদলি হৈ যায়। তাতে মোৰ ১৮৭১ সনৰ মাঘ মাহত জন্ম হয়। ১৮৭৩ সনত ৰেজিমেণ্ট পুনৰ কামৰূপলৈ বদলি হয়। ১৮৭৬ সনত কামৰূপৰ পৰা শ্বিলঙ্গলৈ, ১৮৮০ সনত শ্বিলঙ্গৰ পৰা কহিমালৈ আৰু ১৮৮১ সনত কহিমাৰ পৰা ডিব্ৰুগড়লৈ ৰেজিমেণ্ট বদলি হৈছিল। শ্ৰদ্ধেয় ৺পিতৃদেৱে সকলো ঠাইতে অতি দক্ষতাৰে কাম কৰি অবশেষত গবৰ্ণমেণ্টৰ পৰা পেন্সন্ লয়। পেন্সন্ লৈ আহি গোলাঘাটত কিছুদিন থাকেহি। ৺পিতৃদেৱ অতি সৎসাহসী আৰু সৰবৰহী লোক। তেখেতব অমায়িকতা গুণেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল।
আসামৰ নানা ঠাইত ফুৰি ফুৰোতে মাৰোৱাৰীসকলৰ
বেহা-বেপাৰত লাভ দেখি ৺পিতৃদেৱেও ৰঙাজান বাগিচাৰ
ওচৰত সহোদৰ ভায়েকৰ হতুৱাই এখন দোকান দিয়াইছিল।
সেই দোকানতে আহি দোকান চলাবলৈ ধৰিলে। দোকানৰ
কাৰবাৰত যথেষ্ট লাভ কৰিছিল। মাটি-বাৰী আৰু হাতী
লৈছিল। তাৰ উপৰি মহাজনৰ ঘৰত ৮।১০ হেজাৰ টকা
জমা ৰাখিছিল।