পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৩)

চেনীৰ কাৰখানা

 এইবাৰ পুনৰ টকা জমা থাকিলত চেনীৰ কাৰখানা খুলিবলৈ মন গল। কাৰণ আসাম দেশত পৰ্য্যপ্ত পৰিমাণে গুৰ উৎপন্ন হয; কিন্তু ক’তো চেনীৰ কাৰখানা নাই। অন্য দেশত গুৰৰ লগে লগে চেনীৰ কাৰখানা আছে। তাকে দেখি শুনি দেওপানী বাগিচাৰ ওচৰত এশ একৰ মাটিত কুহিয়াৰ খেতি কৰাই চেনীৰ কাৰখানা খোলাইছো। মা লক্ষ্মীয়ে যেন এই ব্যাবসায়তো কৃপা দৃষ্টি কৰে— ইয়াকে মাত্ৰ তেওৰ চৰণত প্ৰাৰ্থনা জনাইছো। মোৰ নিচিনা বিদ্যা-বুদ্ধি বল-শক্তি মিত্ৰ-কুটুম্ব আৰু বন্ধু-বান্ধববিহীন ক্ষুদ্ৰ প্ৰাণী এটাৰ হতুৱাই যিবোৰ কাৰ্য্য সাধন কৰাইছে, সেইবোৰ একমাত্ৰ তেওঁৰ কৰুণাৰ চিন।

 চেনীৰ কল কৰাৰ আছল উদ্দেশ্য আছিল এই যে, দেওপানীৰ ওচৰত অপাৰ বাম মাটি থকাত দুখীয়া ৰায়তে কুহিয়াৰ কৰি মিলত দিলে অনেক সহায় হব পাৰিব। কাৰণ কুহিয়াৰ কৰিব অনায়াসে পাৰে, ভাটিফালৰ দৰে ইয়াত পানী সিচি কুহিয়াৰ কৰিব নালাগে; কিন্তু বহুতে অকলসৰীয়া কাৰণে কুহিয়াৰ কৰি গুৰ কৰা পৰিশ্ৰম কৰিব নোৱাৰাত কুহিয়াৰ খেতিত মন নিদিয়ে। ভাটিৰ ফালে খেতিয়কবিলাকে কুহিয়াৰ কৰি মিলত দি অনেক টকা পায়। ইয়াতে মিল কৰিলে মিলো সহজে চলিব আৰু ৰায়তেও কুহিয়াৰ কৰি মিলত দি উপাৰ্জ্জন কৰিব পাৰিব।