পৃষ্ঠা:আত্ম-জীৱনী দেবৰাজ ৰায়.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১২)

ঔষধ-পাতি পুলিছ হাচ্‌পতালৰ পৰা নি মোক খুৱাইছিল। এইদৰে অনেক দিন চিকিৎসা কৰাৰ পাছতহে মোৰ জ্ঞান আহে আৰু সুস্থ হওঁ। তাত মোক সদাই পাৰব ছুৰুহা খাবলৈ দিছিল। ভাল হৈ আহিলত বিমাতৃয়ে পাৰৰ ঠেং পূৰি খুৱাওঁতেহে মোৰ বেমাৰৰ কথা জানিব পাৰো।

 এদিন চিপাহীবোৰে ব্ৰিগেড মেজৰৰ বঙ্গলাৰ সন্মুখৰ প্লে-গ্ৰাউণ্ডত যুদ্ধৰ আখৰা কৰিছিল। আখৰা কৰোতে বেণ্ড বিকোল আদি নানা বাদ্য বজায়। সেই বাজনাবোৰ বজোৱা শুনিবলৈ বৰ ভাল। মিলিটেৰি স্কুলৰ লৰাবোৰে আখৰা চাবলৈ যোৱাত ময়ো গৈছিলো। আখৰাত চিপাহীবোৰে মাৰ্চ্চ কৰি আহোঁতে আগে আগে লৰাবিলাকো আহিছিল। আহি থাকোতে লগৰ লৰা এটাই মোৰ টুপীটো জোকাৰ মাৰি দিয়াত মাটিত সৰি পৰিল। মই টুপীটো তুলি লওঁ বুলি চাপৰোতেই বেণ্ড বজোৱা এজনে বুটজোতাৰে মুৰতে গছক মৰাত লুটি খাই পৰিলো। ভাগ্যক্ৰমে বিগুল মেজৰৰ চকু পৰাত মাজৰ পৰা হাতেৰে ধৰি অঁতৰাই থৈ যোৱাতহে ৰক্ষা পৰিলো।

 এদিন ৰবিবাৰে আমাৰ লাইনৰ লৰাবোৰে ওচৰৰ পাহাৰ এটাত মৌগুটি নামৰ এবিধ গছৰ গুটি খাবলৈ যোৱাত ময়ো লগত গৈছিলো। মৌগুটি খাই যাওঁতে যাওঁতে মৌগুটিৰ নিচিনা অন্য এবিধ গছৰ গুটি খোৱাত জিভা দেৰদেৰাবলৈ ধৰিলে। ঘৰলৈ উভটি অহাত পিতাই জিভাত জলকীয়া সানি দিয়াতহে ভাল হল।

 বসন্ত বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ ৰেজিমেণ্টৰ আটাইবোৰ লৰা ছোৱালীক মিলিটেৰি হাচ্‌পতালত টিকা