পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰাচিত। -সকলৰ ব্যৱস্থাৰ কঠোৰ শাসনত নহয় নে ? তেন্তে পাপী কোন ? এই নেতাসকল নহয় নে ? আচল পৰাচিতটো এওঁলোকৰ, আৰু চৰটোও পৰা উচিত আছিল এওঁলোকৰ গালতে। মোৰ কথা তেওঁলোকৰ তিতা লাগিছে, কিন্তু বেচি দিন নাই, যি ঢল আহিছে, .তেওঁলোকৰ দৰে ৰৌ-বৰালি সকল তাৰ প্ৰথম ঢৌতে ঢেল-ওপঙ্গা দিব লাগিব । তেওঁলোকৰ পাপৰ ভয়ানক পৰাচিত আহিব লাগিছে ৷ “মই জানো ইয়াত মোৰ এই এহালিচা বক্তৃতা অনধিকাৰ চর্চ্চা হৈছে, কিন্তু মনৰ বেজাৰত মোৰ অনিচ্ছাতে৷ সি ওলাই গ'ল । এতিয়া ম‍ই আপোনালোকৰ কাৰ্য্যত আৰু বাধা দিব নোখোজোঁ, কিন্তু সভাত থাকিলে উচিত কথা কিঞ্চিৎ নোকোৱাকৈও থাকিব নোৱাৰিম। হয়তো তাৰ ফলত আমা ভিতৰতে আৰু এখন নতুন মেলৰ সূত্রপাত হব পাৰে। এতদর্থে ইমানতে আ-বা-বা কৰি, সকলোৰে ওচৰত কৰযোৰে বিদায় -মাগিলোঁ।” মই আৰু অলপো পলম নকৰি মেলৰ মাজৰ পৰা উঠি আহিলে ।। পিচত শুনিলোঁ বোলে মোৰ বলকনিয়ে সম্পূৰ্ণ নহলেও অলপ গুণ ধৰিলে, অৰ্থাৎ মোৰ বক্তব্য শুনাৰ পাচত ডেকা দলৰ এভাগে শ্ৰুতিকৰৰ লগত তর্ক-বিতর্ক লগাই ইয়াকে শেষ সিদ্ধান্ত কৰিলে, যে গণপতিয়ে ৰূপ দুটকা আৰু কুৰিসেৰ নিমখ দি পৰাচিত হলেই উদ্ধাৰ পাব, ধনপতি হব নালাগে ।