পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
আত্মানন্দৰ আত্মকাহিনী


থুয়েই সিহঁতৰ ব্ৰহ্মাস্ত্ৰ। পলৰীয়াক যেয়ে সেয়ে খেদি খেদি টঙ্গনিয়াব পাৰে, কিন্তু দুৰ্ব্বল এটায়ো ফেপেৰি পাতি উঠকচোন, বলী একোটায়ো সহজে খুম মাৰিবলৈ সাহ কৰে নে? আপোনালোকৰ দুৰ্ব্বলতা দেখিয়েই কেলেহুৱাহঁতে চল পাই গললৈকে জঁপিয়াইছে, আৰু আপোনালোকে নিজ নিজ অধিকাৰ পৰিহাৰ কৰি হুহঁকি হুহঁকি গৈ আছে। ম‍ই মোৰ ডেকা বন্ধুসকলক কওঁ, তেওঁলোকে যেন এনে মামৰে ধৰা ফপৰীয়া শাস্ত্ৰৰ প্ৰকৃতিটো বুজিলৈ কাম কৰে, চকু মুদি বাট বুলি যেন নিজৰ মনুষ্যত্ব বিসৰ্জ্জন নিদিয়ে। যি শাস্ত্ৰই মানুহৰ স্বাভাবিক গতি পৰ্য্যন্ত ৰোধ কৰি, হিতাহিত জ্ঞান লোপ কৰি, গোলামৰ জাতি গঢ়ি নিজৰ ঘৰতে প্ৰবাসী হবলৈ আপোনালোকক বাধ্য কৰিছে, পুৰি পেলাওক তেনে শাস্ত্ৰ। যি মানুহৰ মনত আত্মমৰ্য্যাদা বোধ জন্মাব, যি নিজৰ স্বত্ব সাব্যস্ত কৰি লবলৈ শক্তি দিব, যি অন্যায়ৰ প্ৰতিৰোধৰ নিমিত্তে প্ৰাণ পৰ্য্যন্ত দিবলৈ বোধ দিব তেনে শাস্ত্ৰ প্ৰণয়ন কৰক। যাক মানুহে ছুলেও জাত যায়,তাৰ জাতেই নাই। আপোনালোক অতীতৰ যি মহান জাতিৰ বংশধৰ, তেওঁলোকৰ তেজ আপোনালোকৰ গাত আছে নে? যদি নাই, আপোনালোকৰ জাত কেতিয়াবাই গ’ল, এতিয়া মুখৰ মাতষাৰো যাওঁ যাওঁ। উত্তিষ্ঠত জাগ্ৰত।

 “আৰু এটা কথা। গণপতি আৰু ধনপতিৰ দোষতকৈ সমাজৰ নেতা আৰু শাস্ত্ৰীয় ব্যৱস্থা দিওঁতাসকলৰ দোষ বহুতগুণে বেচি। এওঁলোকে মাৰ খাই পদযুগলৰ বাহিৰে আন অঙ্গৰ পৰিচালনা কৰিব নোৱাৰিলে বা নকৰিলে কাৰ ভয়ত? এই সমাজপতি