নাইবা থুই এটেপা পেলাই দিলেই আমাৰ ফালে আহৰি। খেৰৰ লগত আৰু জাত দিব পাৰোঁ নে?
তেতিয়া মই গণপতিক প্ৰশ্ন কৰিলোঁ, -- “মৈমনচিঙ্গীয়াটো কেনেকুৱা মানুহ?”
গণ। —কিচকিচ কৰে ক'লা।
মই।—ওখই ডাঙ্গৰে কিমান?
গণ।—মোতকৈ চেৰেলা আৰু চাপৰো।
মই।—তেন্তে তাৰ বল তোমাতকৈ বেচি নহয়?
গণ— নহয়। তাক মই একে চৰতে তিনি পাক খুৱালোঁহেঁতেন, পিচে কি হ'ব, কুলৰ নহল।
মই।——তোমালোকে সমাজত মান ভাগ, বৰ মলা, বৰ চৰু খোৱা; শৰাধ এটা কৰিবলৈ গলেও ভাল বস্তুখিনিৰ এভাগ আগধৰি জোলোঙ্গাত লুকুৱাই থৈ ঘৰলৈ আনি ঠাহি ঠাহি পেট ভৰোৱা। এইদৰে খাই খাই বল বঢ়াইছা কি কৰিবলৈ? তোমালোকৰ কথাৰ পৰা বুজা গৈছে তোমালোকৰ ভাই-ককাই, জ্ঞাতি-কুটুম্ব কেইটাৰ লগত কটা-কটি, মূৰ ফলা-ফলি কৰিবৰ নিমিত্তহে বলৰ প্ৰয়োজন; কিন্তু অজাতিয়ে গালত চৰ শোধালে নাইবা বৰ ঘৰ সোমাই ভাত-চৰু উলিয়ালেও তাৰ প্ৰয়োগ কৰিবলৈ তোমালোক অপাৰগ। যদি তোমালোকে এচৰ খাই বেচি নহলেও এচৰ দিব পাৰিলাহেঁতেন, তেন্তে পাপৰ লগে লগে পৰাচিতো হৈ গ'লহেঁতেন। কিন্তু তোমালোকে তাকে নকৰি মাৰ খাই ঘৰত কান্দিবলৈ আহিছা; সেই কাৰণে তোমালোকৰ পৰাচিত