পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰাচিত। , 00 মই কলো,—“মই মাতিব পাৰো, কিন্তু ভয় হয়, মোৰ মাত শুনি জানোচা কাৰবাৰ গাত চোৰাতে ডাকে। ” শ্ৰুতিকৰ।—নাডাকে, মাতক । মই।—তেন্তে প্ৰথমৰে পৰা মই আকৌ ঘটনাটোৰ আঁতি- গুৰি লম। এই বুলি কৈ ধনপতিক সুধিলোঁ, “গণপতিৰ লগত খেৰণিলৈ গৈছিলা নে ? ধন।—হয় গৈছিলোঁ । - মই।—মৈমনচিঙ্গীয়াটোৱে গণপতিক মৰা সঁচা নে ? ধন। সঁচা । মই।—তুমি তেতিয়া ক’ত আছিলা ? ধন।—মই দুই নলমান আঁতৰত আছিলোঁ। গণপতিক মৰা দেখিয়েই কেনেবাকৈ মোকে৷ ধৰেহি বুলি লৰ মাৰিলে৷ ৷ মই।—মৈমনচিঙ্গীয়াটোৰ কাম উচিত হৈছিল নে ? ধন।——নাই হোৱা । মই।—তুমি হাতেৰেই হওক বা মুখেৰেই হওক, তাৰ কিবা প্ৰতিবাদ কৰিছিল৷ নে ? ধন।—নাই কৰা । মই ।—প্ৰতিবাদ কৰা উচিত আছিল নে নাছিল ? ধন।— -আছিল । একে কুলীয়া হব লাগিছিল, দেখিলোঁহেতেন সি কিমান পানীৰ মাছ ! পিচে অজাতিৰ লগত হতাহতি বা চুপতা-চুপতি কৰে। কেনেকৈ ? তাক গুৰুলা-গুৰুলকৈ কিল শোধালেও তাৰ একো নহয়, কিন্তু সি লপা-থপা এটা মাৰিলেই