পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
পৰাচিত।


গৰাকী হৈ ইহঁতে খোৰাকি উলিয়াইছে, আৰু অসমীয়াৰ সাত পুৰুষীয়া দখলীস্বত্ব কাঢ়ি লৈছে। তেওঁলোকে খেৰত ৰেপ মৰা-মাত্ৰকেই আদহীয়া মৈমনচিঙ্গীয়া মুচলমান এটা কুঁজী ডাঁহটো অহা দি আহি তিনি হাতমান দূৰৈলৈকে মুখৰ সেপ ছিটিকাই গৰ্জ্জি উঠিল, “কোন তহঁত? ক'ৰ বাপেৰৰ ঘৰৰ খেৰণি পাইছ ইয়াত খেৰ কাটিবলৈ? ওলা ভালে ভালে।”

 গণপতিয়ে ক’লে,–“এই খেৰণি চৰকাৰী মাটিত; তাত তোৰ কি স্বত্ব আছে?”

 মৈমনচিঙ্গীয়া।—মোৰ যদি স্বত্ব নাই, তোৰো নাই। তই কাটিছ কিয়?

 গণ।—চৰকাৰী মাটিৰ খেৰ, যেয়ে কাটে তাৰে।

মৈমনচিঙ্গীয়া।—হ'ব নোৱাৰিছে চৰকাৰী! ম‍ই দখল কৰিলেই মোৰ হ'ব।

 গণ।—বাৰু যেতিয়া তোৰ হব, তেতিয়া ল’বি। এতিয়া ফক-ফক নকৰিবি।

 মৈমনচিঙ্গীয়া।—কি! ওলা এতিয়াই ইয়াৰ পৰা।

 গণ।—তোৰ কথাতেই নে?

 “ওঁ, মোৰ কথাতেই”—এই বুলি কৈয়েই মৈমনচিঙ্গীয়াটোৱে দিলে গণপতিৰ গালত এটা চৰ লগাই। চৰ খাই গণপতিয়ে ধনপতিৰ ফাললৈ চাই দেখে, যে তেওঁ “পলাই বাসৱ পাচক নাচাই” কৰি কুৰি নলমান গলেই। তেৱোঁ তেতিয়া ধনপতিক ৰিঙ্গিয়াই একে বাটেই লৰ দিলে, আৰু কোনমতে সজ্ঞানে ঘৰখন ল'লে।