বন্ধু, গ'ল। মই গোটেইবোৰ কথা জুকিয়াই চাই একোকে ঠিক কৰিব নোৱাৰিলোঁ৷ একোবাৰ ভাবোঁ, বন্ধুৰ কথাই ঠিক; আকৌ ভাবোঁ, মোৰটোৱেই বা বেঠিক কেনেকৈ?
⸻
কাহিনী—নম্বৰ বাৰ।
পৰাচিত।
( ১৮৫৭ শক )
গণপতি আৰু ধণপতি ফোঁটে লগুণে তমস্কাৰ কঁহকঁহীয়া ডেকা বামুণ। ঘৰ নপাম নামৰ গাওঁ এখনত। পথাৰত কোৰ মাৰি আৰু সুবিধা পালে সকাম নিকাম কৰি দুবেলা দুসাজি ধৰে,পাইটে৷-পইচাটো ৰাহিও কৰে। তেওঁলোক দুয়ো এদিন উৰুষা ঘৰ বাটিবলৈ বুলি খেৰ কাটিবলৈ ওলাল।বহুত বেলি বিচৰাৰ পাচত এডৰা খেৰনি পাই তাৰে একো চুৰা বাছি বাছি কাচি চলাবলৈ ধৰিলে।
খেৰনিৰ পৰা অলপ দূৰতে দুৰাপিঠীয়া ঘৰ গোটাচেৰেকে তাত ন ভগনীয়া মৈমনচিঙ্গীয়াৰ অস্তিত্ব ঘোষণা কৰিছিল। সোৰোপা অসমীয়াই কানিৰ খোলাত ৰাতি কটাই মুখেৰে সাত হাল বাই থাকোঁতেই ভগনীয়া মৈমনচিঙ্গীয়া বঙ্গালে এইবোৰ পতিত মাটি, হাবি-বন কাটি দখল কৰি, নকল চলাই, অসমীয়াক কঙ্গাল কৰি আনিছে; মাটিত গজা খেৰ-কাঠ, আৰু পানীত জগা মাছ-পুঠীটোৰো