পাবলৈ আশা কৰিলে নিৰাশ হব লাগিব নিশ্চয়। বিয়াৰ বান্ধোনত বান্ধ নোখোৱাকৈ স্বাধীনভাবে জীবিকা উলিওৱা তিৰুতাৰ এবাৰ পিয়ল কৰি চোৱাঁ, তাৰ ভিতৰত শতকৰা
কেইজনীয়ে তুমি কোৱাৰ দৰে কাম কৰি খায়, আৰু কিমানে নিতৌ নতুন পুৰুষৰ আশ্ৰয় ল'ব লগাত পৰে, নিজেই তাৰ হিচাপ পাবা।
মহা আপদ! বন্ধুক নিৰন্ত্ৰ বা নিৰস্ত কৰা মোৰ পক্ষে কঠিন হৈ উঠিল। অলপ ভাবি-চিন্তি কলোঁ,—“গোটেই নাৰীসমাজৰ তুলনাত তেওঁলোকৰ সংখ্যা অতি কম, সেই কাৰণে তেনেকৈ চলিবলৈ সুযোগ পাইছে। বিয়াৰ পৰা সকলোকে মুক্তি দিলেই সেইবোৰ জীবিকাৰ বাট আপুনি বন্ধ হ'ব আৰু সকলোৱে কাম কৰিব লাগিব। সেই দেখিয়েই মই গুৰিতে কৈছোঁ— বিয়া নকৰাটোৱেই মঙ্গল। মই আৰু তোমাৰ কথা নুশুনো।”
বন্ধুৱে কলে,—“আজি তোমাৰ কোনো কথা তোমাৰ নিজৰ যেন লগা নাই। মোৰ সন্দেহ হৈছে, তুমি কালি শিৱৰাত্ৰিত ঘোঁটা খাইছিলা কিজানি। আজি আৰু বেচি কথা ময়ো নাপাতোঁ,আকৌ এদিন আহিম।”
মই ঘোঁটা খাইছিলোঁ নে নাই ক'ব নোৱাৰোঁ। তেনে অভ্যাস মোৰ কস্মিন কালেও নাছিল। কিন্তু আগদিনা শিৱৰাত্ৰিলৈ যাওঁতে দেৱালৰ ঠাকুৰে মোক দুটামান মিঠৈ আৰু এবাটি গাখীৰ খাবলৈ দিছিল, তাত ভাঙ্গৰ সম্পৰ্ক নাই বুলি তেওঁ শপত খাই কৈছিল। মোৰ হলে তাক খোৱাৰ পাচত মূৰটো বিষাইছিল; ক'ব নোৱাৰোঁ, ইয়াত যদি কিবা ৰহস্য আছিল।