ইচ্ছা কৰিয়েই ইমান পৰ তেওঁলোকক সাহায্য কৰা নাছিলোঁ।
কিন্তু আৰু পলম কৰিলে তেওঁলোক উঠিব পৰাৰ আগন্তুক নাই।
অগত্যা মই বস্তুখিনি কঢ়িয়াই নতুন গাৰীত তুলি দিলোঁ, তেওঁ
লোকৰো ধাতু আহিল।
বাকীছোৱা বাটত তেওঁলোকৰ তেজ আৰু বক্তৃতা এটায়ো উজাৰ নাখালে; বিজয় গৰ্ব্বত মই মিচিক মিচিক হাঁহি আছিলোঁ। নামিবৰ সময়ত তেওঁলোকে তেওঁলোকৰ ভুল স্বীকাৰ কৰি মোৰ ওচৰত ক্ষমা খুজিলে।—এতিয়া এই ঘটনাটোৱে কি কয়?
মই দেখিলোঁ কথা বিষম, কিন্তু কোনো এটা কথা কৈ তাক তুলি লোৱা বা পৰাজয় স্বীকাৰ কৰা মোৰ স্বভাব নহয়। সেই কাৰণে বন্ধুৰ প্ৰশ্নৰ উত্তৰত মই কলো,–“একো নকয়। হ'ব পাৰে তেওঁলোকে যেনেকৈ তৰ্ক কৰে, তেনেকৈ কাম কৰিব নোৱাৰে। নোৱাৰিব তো! ইমান দিন এইবোৰ কামৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখাত এতিয়া একেদিনাই কেনেকৈ কৰে! তোমালোকে সুবিধা দিয়াচোন অলপ দিনৰ পাচতে দেখিবা মুনিহৰ লগতে তিৰুতায়ো হালকোৰ বাই খেতি কৰিছে, ৰেলৰ ষ্টেচনৰ মুটীয়া আৰু জাহাজৰ খালচীৰ আধাখিনি তিৰুতাৰ দ্বাৰা পূৰ্ণ হৈছে। তিৰুতাক শিক্ষা দিয়াঁ, স্বাধীনতা দিয়া, তেওঁলোকো দাৰোগা, কনিষ্টবল, চবডেপুটি, মণ্ডল, জেনেৰেল, কৰ্ণেল, কমাৰ, চমাৰ, গাৰোৱান, বাঢ়ৈ, ডাকহৰকৰা আদি হৈ পুৰুষৰে সমানে ফেৰ মাৰি জীবিকা উপাৰ্জ্জন কৰিব।
বন্ধু।—তুমি যিমানেই কোৱা, সি কথা হে, কামত তাৰ চিনাকি