পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
বিয়াৰ প্ৰয়োজন।


তেওঁলোকৰ শনোৱা খুৰ যেন জিভাই মোক ডাকি পেলালে। মই পৃষ্ঠভঙ্গ দিব লগাত পৰিলোঁ।

 হঠাৎ ৰেলখন ৰৈ গ'ল। য'ত ৰ'ল সি ষ্টেচন নহয়, মাজ ঠাই। কিয় ৰ'ল, তাৰ কাৰণ বিচাৰি জনা গল, ইঞ্জিনৰ কিবা এটা বেয়া হৈছে। বৰ আহুকালত পৰিলোঁ। ওচৰত দুইফালে মুকলি পথাৰ মাথোন; ইঞ্জিন ভাল হব বুলি আশা পালি ৰেলৰ ভিতৰতে বহি কথা পতা আৰু মাজে মাজে একোবাৰ নামি ইফাল সিফাল কৰাৰ বাহিৰে তেতিয়া কৰিবলৈ আন কাম একো নাছিল।

 ইঞ্জিন আৰু ভাল নহল, আমি পিচৰ খন গাৰী আহি নোপোৱালৈকে তাতে ৰলোঁ। যেতিয়া গাৰী আহিল তেতিয়া আমি গাৰী সলাব লগাত পৰিলোঁ। মাজ ঠাই হোৱাত তাত কুলি পাবলৈ নাছিল। মই মোৰ মালবস্তু কান্ধত লৈ নতুন গাৰীলৈ আহিলোঁ; গাভৰু কেই গৰাকীয়ে কাবৌ-কোকালি কৰি এটা কুলি বিচাৰি দিবলৈ মোক বৰকৈ ধৰিলে, কিন্তু পথাৰৰ মাজত কুলি ক'ৰ পৰা ওলাব! তেওঁলোক কান্দোঁ কান্দোঁ হ'ল, মই তেওঁলোকক কলোঁ, যে মই অনা দি তেওঁলোকেও নিজৰ নিজৰ বস্তু কান্ধতকৈ আনিলেই দেখোন হয়। তেওঁলোকৰ মাতবোল হৰিল। ধৰি মেলি মালখিনি কোনোমতে গাৰীৰ পৰা নমালে, কিন্তু ইখনলৈ নিবৰ শক্তি নহ'ল। কিতাপে-পত্ৰই ঠাহখোৱা যিহে একোটা বাকচ!

 ৰে'ল এৰিবলৈ আৰু বেচি সময় নাই, কি কৰুণ তেতিয়া তেওঁলোকৰ মূখৰ আকৃতি! মই তেওঁলোকক পিকনি দিবৰ মনেৰে