পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
আত্মানন্দৰ আত্মকাহিনী।


তেওঁলোকক সকলো বিষয়তে পুৰুষৰ সমানে চলিলৈ কোৱাঁ- গৈচোন তোমাক কি কৰে! তেওঁলোকে নিজৰ ভাগৰ কামৰ বাহিৰে পুৰুষৰ কামত হেতা-ওপৰা কৰাৰ কথা ভাবিবই নোৱাৰে। তুমি যদি তেওঁলোকক পুৰুষৰ সমানে নিজ হাতে হাল-কোৰ বাই স্বতন্তৰীয়া হৈ খাবলৈ কোৱা, বোধ কৰোঁ, তেওঁলোকে তোমাক সম্মাৰ্জ্জনীৰে হে সম্বৰ্ন্ধনা কৰিব।

 মই।—তাৰ কাৰণ তেওঁলোকক তোমালোকে আন্ধৰত পেলাই থৈছা; সেই দেখি তেওঁলোকে নিজৰ ইষ্টানিষ্ট বুজিব পৰা নাই।

 বন্ধু।—বাৰু তেওঁলোকে শিক্ষা পোৱা নাই দেখিয়েই তেনে কৰে, শিক্ষিতা সকলে নো কি কৰে বুলি ভাবিছা? শিক্ষিতা সকলেও সভা-সমিতিত হে প্ৰস্তাব “পাচ” কৰে, কামত কিন্তু অশিক্ষিতবিলাকতকৈও বেচিকৈ পুৰুষৰ পোন্ধত ধৰে। এটা ঘটনাৰ কথা ক'ম শুনিবা নে? কিছুমান দিনৰ আগতে মই এবাৰ কলিকতালৈ গৈছিলোঁ। ঘূৰি আহিবৰ সময়ত ম‍ই অহা মধ্যম শ্ৰেণীটোতে চাৰি গৰাকী অসমীয়া গাভৰুও আহিছিল; তেওঁ- লোকৰ দুজনীয়ে আই, এ, আৰু আন দুজনীয়ে বি, এ পঢ়িছিল। ৰেলতে তেওঁলোকৰ লগত মোৰ আলাপ-পৰিচয় হ'ল। তেওঁলোকে স্ত্ৰী স্বাধীনতাৰ কথা উলিয়াই পুৰুষ আৰু স্ত্ৰীৰ কৰ্ম্মক্ষেত্ৰ যে বেলেগ হব নালাগে, তাৰ নানা যুক্তি দিলে। মই সেইটো সম্ভৱ নহয়, আৰু প্ৰাকৃতিক গঠনে কৰ্ম্মক্ষেত্ৰ বেলেগাই ৰাখিছে বুলি তাৰ ওলোটা যুক্তি দিলোঁ। কিন্তু মই অকলশৰীয়া, তেওঁলোক হল চাৰি জনী।