মূৰ্খতা আৰু কি হ'ব পাৰে! সেই দেখিয়েই তো শ্ৰীকৃষ্ণই তিতিবুৰি শিকি, যাবৰ সময়ত গোটেই বংশ ধ্বংসকৈ থৈ গৈছিল।
বন্ধু। —বাৰু তোমাৰ কথাকে যেনিবা মানিলোঁ; তিৰুতাবিলাকৰ কি হ'ব? তেওঁলোক তো পুৰুষৰ আশ্ৰয় নাপালে তিষ্ঠিব নোৱাৰে –“বিনাশ্ৰয়েণ ন জীৱন্তি পণ্ডিতা বণিতা লতাঃ।”
মই।—তুমি কি মান্ধাতোৰ আমোলৰ কথাবোৰ কোৱাঁ হে? আজিকালিৰ কোনো শিক্ষিতা মহিলাই এনে কথা, শুনিলে তোমাক বাৰচেৰেক কাণত বেজ বেজাই যোৱা কথা শুনাই যে দিবই, আন কি, তেওঁৰ সোঁখনহাতে তোমাৰ বাওখন কাণো টিক-টিক কৰে ৰঙা নকৰাকৈ নেৰে। আজিকালি পুৰুষ আৰু নাৰী সকলো বিষয়তে সমানে চলিব। আগৰ দৰে তিৰুতাক তলত পেলাই খচকিব পাৰিম বুলি ভাবিছা হবলা! সি কথা নেচেল!
বন্ধু।—এইখিনিতেই তোমাৰ ভুল, নিশ্চয় তুমি তিৰুতাৰ বিষয়ে বিশেষ একো নাজানা, নাইবা সভা-সমিতিৰ প্ৰস্তাব গোটাচেৰেক মাথোন. শুনিছা। এই সভা-সমিতিবোৰ কৰে কোনে? যাৰ গিৰিয়েকৰ হাতনি পেৰাত ধনৰ নাটনি নাই, আৰু নিজে খৰচৰ বাহিৰে কেতিয়াও একো উপাৰ্জ্জন কৰিব নালাগে, যি স্বামীৰ ধনৰ বলত লিগিৰা-লিগিৰীলৈ মটৰ গাৰীত গা ঘেলাই ফুৰিব পাৰে, তেওঁলোকে। তেওঁলোকক নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ দিয়াঁচোন, তেওঁলোকৰ প্ৰস্তাব কলৈ উৰি যায়! আন পক্ষে, যিবোৰ তিৰুতাই গিৰিয়েকৰ লগত পথাৰে-সমাৰে কাম-বন কৰি খাই আছে,