পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী—নম্বৰ এঘাৰ।

বিয়াৰ প্ৰয়োজন।

( ১৮৪৮ শক )

 বহুত দিন হ'ল, এজন বন্ধু মোৰ বিয়াৰ বন্দবস্ত কৰিবলৈ আহিছিল। তেওঁৰ কথা শুনি মই সুধিলোঁ,—“বিয়া কৰাব লাগে কিয়?”

 তেওঁ কলে,—“বংশৰক্ষাৰ নিমিত্তে।”

 মই।—বংশ ৰক্ষাৰ প্ৰয়োজনেই বা কি?

 বন্ধু।—মৃত্যুৰ পাচত জলপিণ্ড খাই পুংনামক নৰকৰ পৰা ৰক্ষা পাবলৈ।

 মই।—মোৰ তাৰ এটাতো ৰুচি নাই; তাতকৈ যি পাৰোঁ এতিয়াই অকলে অকলে থাকি পেট ভৰাই খাই লওঁ।

 বন্ধু৷— সকলোৱেই যদি তোমাৰ দৰে কয়, তেন্তে সৃষ্টিখন ৰয় কেনেকৈ?

 মই। – সৃষ্টিখনৰ মই কোনো প্ৰয়োজন দেখা নাই। ই থাকেমানে হাহাকাৰৰ অন্ত নপৰে; সেই কাৰণে ইয়াৰ প্ৰেতকাৰ্য্য, যিমান বেগাই পাৰি শেষ কৰিবলৈ যত্ন কৰাই জ্ঞানীলোকৰ কাম। মোৰ মতে এদিন যাবই লাগিব যেতিয়া, বুদ্ধিমানৰ দৰে সকলো চিন-ছাব মচি থৈ যোৱাই ভাল। এনেখন সংসাৰত বংশ ৰাখি পোৰা হাড়কেইডালকো শান্তিত থাকিব নোৱৰা কৰাৰ নিচিনা