মোৰ সবিশেষ পৰিচয় যদি ৰাইজক লাগে, তেন্তে একে আষাৰেই কওঁ,—নিদিওঁ। তাৰ কাৰণ, আমাৰ প্ৰত্নতাত্ত্বিক বা পটাগুটীয়া পণ্ডিতসকললৈ মোৰ অলপ অনুকম্পা আছে, যাতে কামৰ অভাবত তেওঁলোকৰ পঞ্চত্ব লাভ নহয় তাৰ ব্যৱস্থা কৰা সেই বাবেই মোৰ কৰ্ত্তব্যৰ ভিতৰত। সেই বুলি ৰাইজৰ প্ৰতিও কিঞ্চিৎ কৃপা প্ৰদৰ্শন নকৰিলে পক্ষপাতিতাৰ দোষে ছুব পাৰে; সেই বাবে অন্ততঃ মোৰ নামৰ কেৰুটোকে ৰাইজৰ কাণৰ ভোমোলা বিন্ধাত পিন্ধাই দিয়া উচিত বুলি ভাবিছোঁ। যথা—মোৰ নাম আত্মানন্দ, কিন্তু স্বামী উপাধি জোৰা নিদিব আকৌ। আপোনালোকে জানে নে নেজানে কব
নোৱাৰোঁ, কিন্তু এইটো সঁচা কথা, যে যাৰ ভাৰ্য্যা আছে তেওঁ স্বামী এনেয়ে হৈ আছে; তেওঁ স্বামী উপাধি নলয়। আন ফালে, যি মাহ-হালধি সনা নাই, তেওঁ নামৰ লগতে স্বামী শব্দটো জোৰাই নললে তেওঁৰ স্বামিত্বৰ অস্তিত্ব ক'তো নাথাকে। সেই কাৰণে মোৰ উপাধি স্বামী হব নোৱাৰে। হওঁতে মোৰ উপাধি নোহোৱাও নহয়, আনবোৰ এৰি দিলেও, মানুহে আগত আৰু পাচত ব্যৱহাৰ কৰা এজোৰ তালজুৰীয়া উপাধি মোৰ নামৰ লগত লাগিয়েই থাকে। আগত ব্যৱহাৰ কৰাটো হৈছে আচাৰ্য্য আৰু পাচত কৰাটো হৈছে পগলা। যেতিয়া কোনো সভা-সমিতি বা কঠিন সমস্যাৰ উদ্ভব হয়, তেতিয়া কি শিক্ষিত, কি অশিক্ষিত,কি ল'ৰা, কি বুঢ়া সকলোৱে মোক আচাৰ্য্যদেৱ বুলি আদৰি নিয়ে, যেন আচাৰ্য্য নহলে একোৱেই নহয়। আকৌ যেতিয়া পুহ-
পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
আত্মানন্দৰ আত্মকাহিনী ৷