পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী । মই।--তাৰ কাৰণ মই যি বুজিছে৷ তাকে হে ক'ব পাৰিম । আপোনালোকে জানে, আজি-কালিও যাৰ ঘৰত কলেৰা হয়, সেই ঘৰৰ মানুহ হে নালাগে, আসন-বসন, পান-ভোজন সকলো অশুচি হয়, তেনে মানুহৰ ঘৰলৈ আন মানুহ যোৱা বা তামোল-চালি খোৱাও বিপদজনক; কিয়নো তাৰ দ্বাৰা ৰোগৰ বীজ বিয়াপিব পাৰে৷ কিন্তু স্বাস্থ্যনীতিবিদ লোকৰ ঘৰত ভয়ৰ কাৰণ কম, তেওঁলোকে নানা উপায়েৰে ৰোগৰ বীজাণু দূৰ কৰে । কাৰবাৰ ঘৰত বসন্ত ওলালে সেই ঘৰৰ গবর্ণমেণ্ট কৰ্ম্মচাৰীকে৷ তিনি সপ্তাহলৈ অশুচি কৰি ৰখা হয়। ইয়াৰ পৰাই বুজা যায়, অশৌচটো হৈছে ৰোগৰ সংক্ৰামণৰ ভয় থকা অৱস্থা । সেই দেখিয়েই স্মৃতিবোৰে আকস্মিক ঘটনাৰ পৰা মানুহ মৰিলে ত্ৰিৰাত্ৰ অশৌচৰ ব্যৱস্থা দিছে, কিন্তু বেমাৰত মৰিলে আত্মীয়-স্বজনক বেচি দিনীয়াকৈ অশুচি কৰি ৰাখিছে। অকল সেয়ে নহয়, যিবোৰ জ্ঞানী আৰু যি নীতিনিয়ম মানি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, তেওঁলোক কম দিন অশুচি থাকে ; আনফালে যিবোৰ মূৰ্খ আৰু ধুতি-বিধুতিৰ নিয়ম নাজানে সেইবোৰক বেচি দিনলৈ অপবিত্ৰ বুলি ধৰা হয়। সেই কাৰণে নীতিপৰায়ণ বামুণৰ দহদিন হলেও লেতেৰা শূদিৰৰ এমাহ অশৌচ কোনো কোনো শাস্ত্ৰই উচিত বুলি ভাবিছে ৷ তেনে কৰাত যে কিবা অন্যায় হৈছিল, সেইটো মই ক'ব নোখোজোঁ ; কিয়নো আপোনা লোকে জানিছেই, যে তেতিয়া বামুণৰ হালোৱা কেইটাই শ্রেষ্ঠতম শূদিৰ আছিল । তাৰ পৰা সেই কালত শূদিৰ বোলা মানুহবোৰ কেনে মূৰ্খ আৰু লেতেৰ৷ আছিল বুজিব পাৰি । যেতিয়া শূদ্রও উন্নত হ'ল