পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
পিতৃ-পিতামহৰ ধৰ্ম্ম ।


চলি গৈছে সেয়ে হে আচল শাস্ত্ৰ। পিতৃ-পিতামহৰ নিয়ম যি নামানে, সি মহাপাপী; মৰিলেও তাৰ ঠাই নৰকত।”

 একাষে জনচেৰেক গোঁসাইৰ নতুন শিচ বহি আছিল। তেওঁলোক আগেয়ে অহিন্দু আছিল, আৰু লাওপানী, কুকুৰা-গাহৰি, কেকোঁৰা-কুচীয়া আদিৰ পান-ভোজনত অভ্যস্ত আছিল। গোসাঁইৰ শিচ হোৱাৰ পৰা তেওঁলোকে সেইবোৰ পিতৃ-পিতামহৰ ধৰ্ম্ম এৰিছে। গোসাঁইৰ কথা শুনি তেওঁলোকৰ মুখিয়ালজনে মাত লগালে,—“প্ৰভু জগন্নাথ, আপুনি দেখোন আমাৰ সৰ্ব্বনাশ কৰিলে! আপোনাৰ সোণ-ৰূপৰ মুখেৰেই আমাৰ পিতৃ-পিতামহৰ নিয়ম বেয়া আৰু অধৰ্ম্ম বুলি কৈ এৰুৱালে। আমিও ধাৰ্ম্মিক হৈছোঁ বুলি ওফন্দি পৰিলোঁ। আপোনাৰ এতিয়াৰ কথা শুনি বুজিছোঁ, আপোনাৰ কথাত বিশ্বাস কৰি পিতৃ-পিতামহৰ ধৰ্ম্ম এৰাত আমাৰ মহাপাপ হে হ'ল।তাৰ কি উপায় হব প্ৰভু?”

 গোসাঁইৰ মুখৰ বৰণ কেহৰাজ-বটা যেন হ'ল; ওঁ-আঁ একোকে মাতিব নোৱাৰি সাউৎ কৰে আসনৰ পৰা উঠি গ'ল। অলপ পাচত এজন ভকতে জনালেহি, “প্ৰভু ঈশ্বৰৰ পেটৰ কামোৰে ধৰাত বাহিৰ ফুৰিবলৈ গৈছে; আপোনালোক আজিলৈ যাওক।”

 ৰাইজ কিন্তু উঠিব নুখুজিলে। ঘূৰি অহালৈকে বাট চাবলৈ সকলোৱে স্থিৰ কৰি মোক সুধিলে, “আচাৰ্য্যদেৱ, কওকচোন বাৰু,একে মানুহৰ ভিতৰত অশৌচৰ বেলেগ বেলেগ নিয়ম ওলাল কেনেকৈ?”