পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
পিতৃ-পিতামহৰ ধৰ্ম্ম।


 মোৰ তেতিয়া ওপৰহাত, গোসাঁইৰ মাত মাৰি গোটেই গাতে উৎসাহ। মই ক’লে। – “প্ৰভু, আৰু এদিনলৈ নো ৰ'ব লাগিছে কিয়? আজি তিনি চাৰি হেজাৰ বছৰেও যিবোৰ শাস্ত্ৰ কাঠকলি নহলেও অন্ততঃ ঢেপাতে বল বুলি ভাবিছে, এৰাতিৰ ভিতৰত তাৰ পক ধৰাৰ আশা নকৰিবচোন।”

 ৰাইজ।—প্ৰভু জগন্নাথ, যি ৰায় দিয়ে আজিয়েই দিয়ক,আমি আকৌ এদিন আহিব নোৱাৰোঁ। ঘাইকৈ কালিলৈ আমি আচাৰ্য্যদেৱক নাপাবও পাৰোঁ।

 গোসাঁয়ে মুখেৰে নামাতি উচপিচাবলৈ ধৰিলে। শেহত প্ৰভুৰ দুৰ্দ্দশা দেখি মই কলোঁ,—“প্ৰভু, এটা কথা, আপুনি যদি শুনিবলৈ টান নাপায়, তেন্তে মোৰ টান প্ৰশ্নটোৰ উত্তৰ মোকেই দিবলৈ কওক।”

 গোসাঁয়ে উত্তৰ নিদিলে। মৌনং সম্মতি লক্ষণম্ বুলি আৰু ৰাইজৰ উদগনি পাই মই কবলৈ ধৰিলোঁ,—“অন্যান্য ধৰ্ম্মৰ ধৰ্ম্ম-শাস্ত্ৰৰ দৰে হিন্দুৰ ধৰ্ম্মশাস্ত্ৰ এখন নহয়। কথাতে কয় চাৰি-বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ; যদিও ই নিচেই সামান্য লেখ হে। কিয়নো সেইবোৰৰ শাখা-প্ৰশাখা বিস্তৰ আছে। যি হওক, এতিয়া আমাৰ বিষয়টোৰ মীমাংসা কৰিবলৈ হলে আমি ঘাইকৈ নিৰ্ভৰ কৰিব লাগিব প্ৰধান আৰু অপ্ৰধান স্মৃতি-শাস্ত্ৰবোৰৰ লাখুটিত। কোনো এটা নিয়ম মানিব পাৰি নে নোৱাৰি পোনেই তাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন। তেনে পৰীক্ষা পাঁচ বিধ। মনুসংহিতাৰ দ্বিতীয় অধ্যায়ৰ ষষ্ঠ শ্লোকত কৈছে,—