পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পিতৃ-পিতামহৰ ধৰ্ম্ম ।


মাক-বাপেকৰ হে। তাৰ ভিতৰতো আকৌ মাকৰ হে ( দহ দিন ),বাপেক গা ধুলেই শুচি হয়। সম্বৰ্ত্তৰ স্মৃতিতো তাকেই কৈছে,

জাতে পুত্ৰে পিতুঃ স্নানং সচৈলং তু বিধীয়তে।
মাতা শুধ্যেদ্দশাহেন স্নানাত্তু স্পৰ্শনং পিতুঃ॥

 সেই কাৰণে আপুনি কোৱা ওপজা চুৱাটো মনুৱে কোৱা নহয়, আপুনি ক'ৰবাত হেৰা পোৱা হে।

 আকৌ দশাহ অশৌচ মনাবোৰক আপুনি অসদাচাৰী বুলিছে,তাৰ পৰা বুজা যায় আপুনি সদাচাৰ কাক বোলে তাৰ সম্ভেদ লবলৈ আজৰিকে পোৱা নাই। আপোনাৰ “বেদেই” দেখোন প্ৰথম অধ্যায়তে কৈছে—

সৰস্বতী-দৃষদ্বত্যোদেৰ্ৱনদ্যোৰ্যদন্তৰং।
তং দেৱনিৰ্ম্মিতং দেশং ব্ৰহ্মাৱৰ্ত্তং প্ৰচক্ষতে॥
তস্মিন্ দেশে য আচাৰঃ পাৰস্পৰ্য্য ক্ৰমাগতঃ।
বৰ্ণানাং সান্তৰালাণাং স সদাচাৰ উচ্যতে॥

 অৰ্থাৎ সৰস্বতী আৰু দৃষদ্বতী নামক দেৱনদীৰ মাজত থকা দেৱনিৰ্ম্মিত দেশক ব্ৰহ্মাৱৰ্ত্ত বোলে। সেই দেশৰ ব্ৰাহ্মণ,ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আৰু বৰ্ণসঙ্কৰসকলে যি আচাৰ পুৰুষানুক্ৰমে মানি আহিছে সেয়ে সদাচাৰ। আপুনি জানে নে নাজানে কব নোৱাৰোঁ, ব্ৰহ্মাৱৰ্ত্তত সকলো জাতৰে দশাহ অশৌচহে চলে। অকল ব্ৰহ্মাৱৰ্ত্ত নহয়, অসম আৰু বঙ্গদেশৰ বাহিৰে আন ঠাইত দশাহ অশৌচ হে আছে, মাহেকীয়া ক’তো নাই। তেনেহলে সদাচাৰী কোন নিজে বিচাৰ কৰি চাওক। দেৱলে